মৰ্মান্তিক! ভয়ংকৰ অগ্নিকাণ্ডত নিঃশেষ হল এটা পৰিয়াল, শিশুসহ ৫ জনৰ মৃত্যু…

এক ভয়ংকৰ অগ্নিকাণ্ডত নিঃশেষ হল এটা পৰিয়াল।

পুৱতি নিশা শুই থকা সময়তে সংঘটিত অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে একেটা পৰিয়ালৰ এটি শিশুসহ ৫ জন সদস্যই।

ঘটনাত গুৰুতৰভাৱে আহত পৰিয়ালটোৰ আন এজন সদস্য বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

মঙ্গলবাৰে পুৱতি নিশা কেৰেলাৰ তিৰুৱন্তপুৰম জিলাৰ ভাৰকলাত সংঘটিত হয় এই শোকাবহ ঘটনা। জানিব পৰা মতে, ভাৰকলাৰ ধালাৱপুৰমত পুৱতি নিশা প্ৰথাপন (৬২) নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত সংঘটিত হয়।

শ্বৰ্ট চাৰ্কিটৰ ফথ সংঘটিত হোৱাৰ সন্দেহ কৰা অগ্নিকাণ্ডত পৰিয়ালটোৰ মুৰব্বী প্ৰথাপনৰ লগতে তেওঁৰ পত্নী শ্বেৰলী (৫৩), তেওঁলোকৰ বোৱাৰী অভিৰামী (২৫), তেওঁৰ আঠ মহীয়া সন্তান ৰিয়ান আৰু প্ৰথাপনৰ সৰু পুত্ৰ অখিল (২৫)ৰ মৃত্যু ঘটে।

অগ্নিকাণ্ডত প্ৰথাপনৰ আন এজন পুত্ৰ নিহুল (২৯) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু তিৰুৱন্তপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰাহুল ঘৰত নথকাত ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।

ইফালে পুৱা চুবুৰীয়াই তেওঁলোকৰ ঘৰত ধোঁৱা আৰু জুই প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহত নিহুলক হাস্পতালত ভৰ্তি কৰে।

আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ পিছত বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে।

Leave a Comment