নিউজ ডেস্ক। ৰাজ্যত অব্যাহত থকা বিহু বিতকৰ্ক লৈ এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী দিপলীনা ডেকাই।
চিৰাঙৰ বিজনীত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিহু বিতৰ্কক লৈ মুখ খুলিলে জনপ্ৰিয় গায়িকাগৰাকীয়ে।

বিহুক আচলতে কোনো বিতৰ্ক হোৱাই নাছিল বুলি মন্তব্য কৰি দিপলীনা ডেকাই কয় যে এই বিতৰ্ক সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ দ্বাৰাহে সৃষ্টি কৰা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহু ৭ দিন বা ১০ দিনত পাতিব লাগে বুলি কোৱা নাছিল বুলি মন্তব্য কৰি গায়িকাগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে কেৱল ৭ দিনৰ ভিতৰত বিহু পতা সমিতিক চৰকাৰী সাহায্য প্ৰদানৰ কথাহে কৈছিল।
#RongaliBihu #DeeplinaDeka #Bijni #Assam #DY365
— DY365 (@DY365) March 7, 2022
– এইবাৰ বিহু বিতৰ্কক লৈ মুখ খুলিলে দিপলীনা ডেকাই
– বিহু বিতৰ্ক সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰহে সৃষ্ট
– চিৰাঙৰ বিজনীত অনুষ্ঠানত ভাগ লৈ মন্তব্য গায়িকাগৰাকীৰ pic.twitter.com/IsBdKlWlBS
দিপলীনাই কয়, ‘বিহুক লৈ বিতৰ্ক আচলতে হোৱাই নাছিল। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম সমূহতহে নিজে নিজে এয়া বিতৰ্কৰ ৰূপ ল’লে। যোৱা কিছুদিনত কেইবাটাও বিষয় চৰ্চিত হৈছে যে বিহু ৭ দিনেই হব নেকি বা ১০ দিনেই হব নেকি! কিন্তু মই ‘ক্লিয়াৰ’ আছিলো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াও কোৱা নাই যে বিহু ৭ দিনেই হব লাগিব। তেখেতে কেৱল কৈছিল যে বিহুৰ প্ৰথম ৭ দিনত যিসমূহ বিহু কমিটি ১০ বছৰতকৈ বেছি পুৰণি সেই কমিটী সমূহক সাহায্য প্ৰদান কৰা হব।’









