অসম

সীমান্ত শেখৰ পাগল হ’লঃ জুবিন গাৰ্গ…

পুনৰ এবাৰ সীমান্ত শেখৰক উভতি ধৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে।

সীমান্ত শেখৰক লৈ সাংবাদিকে সোধা প্ৰশ্নত পুনৰ জুবিন গাৰ্গে কৰিছে এক মন্তব্য।

জুবিন গাৰ্গে কয়-‘সি পাগল হ’ল।’

উল্লেখ্য যে, বিহুত লৈ ৰাজ্যত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বিভিন্ন সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে জুবিন গাৰ্গে।

দুদিন পূৰ্বে সীমান্ত শেখৰক উদ্দেশ্যি জুবিনে কৰা এক মন্তব্যই ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছিল।

জুবিনে কৈছিল- ‘সীমান্ত শেখৰ সৰু ল’ৰা। সীমান্ত শেখৰে চৰকাৰে দিয়া দায়িত্ব পালন কৰক। অদৰকাৰী কথা ক’ব নালাগে। মোৰ বিষয়ে মাত মাতি লাভ নাই সীমান্তই। মোক ঢুকি পাবলৈ সীমান্তৰ ৭টা জনম লাগিব। অদৰকাৰী কথা নালাগে মোক।’

ইয়াৰ পিছতে সীমান্ত শেখৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল- ‘মই দাদাক লৈ কোনো কথা বেয়াকৈ কোৱা নাই। জুবিন গাৰ্গ হ’ল এজন মহান শিল্পী। তেওঁৰ সৈতে মোৰ তুলনা নহয়।’

আনহাতে জুবিনে বিহু উদযাপন সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি কৈছিল- বিহুৰ বিষয়ে ৰাইজে সিদ্ধান্ত ল’ব। ৰাইজে ৰাতিপুৱা পাতে, দুপৰীয়া পাতে, গধুলী পাতে সেইটো ৰাইজৰ কথা। মই শিল্পীসকলৰ বাবে কৈ আছো। শিল্পীসকলে তিনিবছৰ ধৰি অনুষ্ঠান কৰিব পৰা নাই।

লগতে তেওঁ কৈছিল- কৰ’ণাৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলি থাকোতে আমি কোনো মাত মতা নাই। মই শিল্পীসকলৰ প্ৰতি মাত মাতিম। এতিয়া পৰিবেশ ভাল হৈছে সকলোৰে ভাল হওক, সকলো কথাত যোৰ কৰিব নালাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *