পুনৰ এনকাউণ্টাৰঃ আৰক্ষীৰ গুলীত আহত ডকাইত নুৰ হুছেইন…

নগাঁৱত পুনৰ এনকাউণ্টাৰ।

ধিঙৰ ১নং কান্ধুলীমাৰীত গুলীবিদ্ধ ডকাইত।

আৰক্ষীৰ গুলীত আহত হয় নুৰ হুছেইন নামৰ এজন ডকাইত।

নিশা ধিং আৰক্ষীয়ে কৰায়ত্ব কৰিছিল দুধৰ্ষ ডকাইত তথা ড্ৰাগছ তথা ভূ-মাফিয়া নুৰ হুছেইনক।

ধিং আৰক্ষীয়ে আটক কৰাৰ সময়তেই পিষ্টলেৰে আৰক্ষীলৈ গুলীয়াবলৈ চেষ্টা চলাওঁতেই আৰক্ষীয়ে ডকাইতটোক ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

অহত নুৰ হুছেইনক নিশাই উন্নত চিকিৎসাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, দেওবাৰে ভূ-মাফিয়া নুৰ হুছেইনৰ নেতৃতত ২০-২৫ জনীয়া অস্ত্ৰধাৰী দলে একে অঞ্চলৰে উৰজত আলিকে ধৰি ৮ জন লোকক আক্ৰমন কৰি গুৰুতৰভাৱে আঘাত কৰিছিল।

আক্ৰমণত উৰজত আলীক পিষ্টলেৰে গুলিয়াইছিল নুৰ হুছেইনে। উৰজত আলি বৰ্তমানেও চিকিৎসাধীন অৱস্থাত।

তেতিয়াৰ পৰাই আৰক্ষীয়ে নুৰ হুছেইনৰ নেতৃত্বত অহা দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছিল।

Leave a Comment