
কিডনীৰ ৰোগত আক্রান্ত বজ্ৰকন্যা লাভলীনাৰ মাতৃ, চিকিৎসাৰ বাবে কলকাতাত উপস্থিত…
টকিঅ’ অলিম্পিকত পদক জয়ৰে দেশবাসীক গৌৰৱান্বিত কৰা লাভলীনা বৰগোহাঁই মাতৃ কিডনী ৰোগত আক্ৰান্ত।
সেয়েহে মাতৃৰ চিকিৎসাক লৈ ব্যস্ত হৈ পৰিছে তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই৷
বক্সাৰগৰাকীয়ে মাকৰ কিডনী সংস্থাপন কৰিবলৈ মঙলবাৰে উপস্থিত হৈছে কলকাতাত৷
উল্লেখ্য যে লাভলীনাই টকিঅ’ অলিম্পিকৰ বাবে প্রস্তুতি চলাই থকাৰ সময়তে তেওঁৰ মাতৃ কিডনীৰ ৰোগত আক্রান্ত হৈছিল৷
লাভলীনাই সাংবাদিকৰ আগত কয় যে অলিম্পিকৰ প্রস্তুতিৰ বাবে তেওঁ মাকৰ চিকিৎসাৰ বাবে আহিব পৰা নাছিল৷
মঙলবাৰে শাৰীৰিক পৰীক্ষা সম্পন্ন হোৱাৰ পিছত বুধবাৰে লাভলীনাৰ মাতৃৰ কিডনী সংৰোপণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে, অলিম্পিকত প্ৰথমগৰাকী পদক লাভ কৰা অসমীয়া হৈছে লাভলীনা বৰগোহাঁই।





