বিহু উদযাপনক লৈ চলি থকা বিতৰ্কৰ মাজতে পুনৰ সৰৱ হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গ।
মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক ৭ দিন বিহু উদযাপন কৰিবলৈ আহ্বন জনোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৰাজ্যৰ শিল্পী সমাজে।
এইবাৰ পুনৰ বিহু উদযাপন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে।
তেওঁ কয়- বিহুৰ বিষয়ে ৰাইজে সিদ্ধান্ত ল’ব। ৰাইজে ৰাতিপুৱা পাতে, দুপৰীয়া পাতে, গধুলী পাতে সেইটো ৰাইজৰ কথা। মই শিল্পীসকলৰ বাবে কৈ আছো। শিল্পীসকলে তিনিবছৰ ধৰি অনুষ্ঠান কৰিব পৰা নাই। কৰ’ণাৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলি থাকোতে আমি কোনো মাত মতা নাই। মই শিল্পীসকলৰ প্ৰতি মাত মাতিম। এতিয়া পৰিবেশ ভাল হৈছে সকলোৰে ভাল হওক, সকলো কথাত যোৰ কৰিব নালাগে।
মই কোনো কংগ্ৰেছী নহয়, বিজেপিও নহয়। কোনো পলিটিচিয়ানো নহয় বুলি মন্তব্য কৰে জুবিন গাৰ্গে।
আনহাতে সীমান্ত শেখৰ সন্দৰ্ভতো মন্তব্য কৰে জুবিন গাৰ্গে।
তেওঁ কয়- সীমান্ত শেখৰ সৰু ল’ৰা। সীমান্ত শেখৰে চৰকাৰে দিয়া দায়িত্ব পালন কৰক। অদৰকাৰী কথা ক’ব নালাগে। মোৰ বিষয়ে মাত মাতি লাভ নাই সীমান্তই। মোক ঢুকি পাবলৈ সীমান্তৰ ৭টা জনম লাগিব। অদৰকাৰী কথা নালাগে মোক।









