আজি পৌৰ সভাৰ নিৰ্বাচন, ৯৭৭টা ৱাৰ্ডত ভাগ্য নিৰ্ণয় হব ২,৫৩২ গৰাকী প্ৰাৰ্থীৰ…

ৰাজ্যত আজি অনুষ্ঠিত হব পৌৰ সভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

নিৰ্বাচন আয়োগৰ মতে আজি ৰাজ্যত মুঠ ৮০ খন পৌৰ সভাৰ অন্তৰ্গত ৯৭৭ টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহন অনুষ্ঠিত হব।

উল্লেখ্য যে, অসমৰ পৌৰ সভাৰ নিৰ্বাচনত এইবাৰ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হব ইলেক্ট্ৰনিক ভোটিং মেচিন (ই ভি এম)।

বাতৰি অনুসৰি, এইবাৰ পৌৰ সভাৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হব ২,৫৩২ গৰাকী প্ৰাৰ্থীৰ।

নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক ৮২৫ গৰাকী প্ৰাৰ্থী প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছৰ হৈ ৭০৬ গৰাকী আৰু অগপৰ হৈ ২৪৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

উল্লেখ্য যে, পৌৰ সভাৰ নিৰ্বাচনত এইবাৰ প্ৰথমবাৰলৈ প্ৰাৰ্থী আগবঢ়াইছে নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও।

ৰাজ্যৰ ২৪ খন জিলাৰ মুঠ ৮০ খন পৌৰ সভাত আজি ভোট দান কৰিব ১৬,৭৩,৮৯৯ জন ভোটাৰে।

ইয়াৰ ভিতৰত ৮,৩২,৩৪৮ জন পুৰুষ আৰু ৮,৪১,৫৩৪ গৰাকী ভোটাৰৰ লগতে ১৭ গৰাকী ট্ৰেন্সজেণ্ডাৰ ভোটাৰো আছে।

নির্বাচনৰ ভোটগণনা ৯ মাৰ্চত অনুষ্ঠিত হ’ব।

Leave a Comment