বিহু কেৱল ৭ দিন পাতিব লাগে বুলি মই কোৱা নাইঃ মুখ্যমন্ত্ৰী…

ৰাজ্যত বিহু উদযাপনক লৈ চলি থকা বিতৰ্কৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয়- বিহু কেৱল মাত্ৰ ৭ দিন পাতিব লাগে বুলি মই কোৱা নাই। মোৰ নামত এনে এটা ভুল প্ৰচাৰ কৰটো ভাল হোৱা নাই।’

লগতে সাংবাদিকৰ আগত শৰ্মাই কয়- অসমীয়াই বিহু গোটেই মাহটো পাতিলেও মোৰ আপত্তি নাই। অসমখন শান্তিত থাকিলে মই ভাল পাও।

তেওঁ কয়- প্ৰথম ৭ দিন বিহু পতা সমিতিলহৈ সাহায্য প্ৰদান কৰিব চৰকাৰে। বাকী ৬মাহলৈ বিহু পাতিলেও মোৰ আপত্তি নাই।

প্ৰথম ৭ দিনত ৰাজ্যত ১৯০০ বিহু অনুষ্ঠিত হয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই বিহু সমিতিসমূহক ১.৫০ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলিও মন্তব্য কৰে শৰ্মাই।

বিহু পাতিলে বাধা দিয়াৰ অধিকাৰ মুখ্যমন্ত্ৰীৰ নাই বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অৱশ্যে পুনৰ বাৰ চান্দা তোলাৰ বিৰোধিতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Comment