এম্বুলেন্সত উঠি আহিল দৰা, ষ্ট্ৰেছাৰত বহি সম্পন্ন কৰিলে বিবাহ।
এনে এখন বিবাহেই সম্পন্ন হৈ গ’ল ৰাজস্থানৰ উদয়পুৰত। যি বিবাহৰ ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
অৱশ্যে চখ নহয়, বাধ্যত পৰিহে এম্বুলেন্সত উঠি কইনাঘৰলৈ আহিবলগা হ’ল দৰাই।
দৰাচলতে ৰাহুল কাটাৰিয়া আৰু ৰিতীকা নাটাৰিয়াৰ পৰিয়ালেই ঠিক কৰিছিল বিয়াৰ বাবে এটা নিৰ্দিষ্ট দিন। সেই অনুসৰি, অতি ধুমধামেৰে চলিছিল আয়োজন।

ৰভা দিয়াৰ পৰা মানুহ মতালৈকে সকলোবোৰ কাম সম্পূৰ্ণ হৈ উঠিছিল। কিন্তু বিধিৰ বিপাকত বিয়ালৈ মাত্ৰ ৫ দিন থাকোতেই এক দুৰ্ঘটনাত পতিত হয় দৰা ৰাহুল।
ভৰিত গুুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাহুলৰ ভৰিত ৰ’ড ভৰাই চিকিৎসকে সম্পূৰ্ণ বেড ৰেষ্টৰ কঢ়া নিৰ্দেশ দিয়ে। যাৰ বাবে পৰিয়াল দুটাৰ মাজত হাহাকাৰ লাগে।

ইতিমধ্যেই বিয়াৰ সমস্ত যা-জোগাৰ সম্পূৰ্ণ হোৱাৰ পিছত বিয়াৰ দিন পিছুৱাবলৈও অসুবধা হয়। সেয়েহে অৱশেষত দৰা ৰাহুলে নিৰ্দিষ্ট দিনটোতে বিবাহখন সম্পন্ন কৰাৰ সিদ্ধান্ত লয়।
ৰাহুলৰ এই সিদ্ধান্তৰ প্ৰতি সমৰ্থন আগবঢ়ায় দৰা ঘৰৰ লগতে কইনা ঘৰেও। তাৰ পিছতে বিবাহৰ নিৰ্দিষ্ট দিনা এম্বুলেন্সত উঠি কইনাঘৰত উপস্থিত হয় দৰা ৰাহুল আৰু ষ্ট্ৰেছাৰত বহি বিয়াখন সম্পন্ন কৰে।

অসুস্থ শৰীৰেৰেও বিয়াখন সম্পূৰ্ণ কৰাত ৰাহুলে দেখুওৱা মনোবল আৰু কইনা ৰিতীকাই প্ৰদান কৰা সাহসে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।
সকলোৱে ৰাহুল-ৰিতীকাৰ যুগ্ম জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰাৰ কামনা কৰিছে।









