চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজিছে ধেমাজি কাণ্ডৰ নন্দিতা শইকীয়াই।
ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া।
মহাবিদ্যালয়খনৰ জিণ্টু শৰ্মা নামৰ এজন নৃশংস কৰ্মচাৰীয়ে চোকা দাৰে উপৰ্যুপৰি আঘাত কৰিছিল নন্দিতাৰ লগতে এগৰাকী সহপাঠীক।
নন্দিতাৰ মগজুৰ সক্ৰিয়তা এতিয়া প্ৰায় ৯০ শতাংশ নোহোৱা হৈ গৈছে। দৰবেও কোনো সঁহাৰি দিয়া নাই বুলি প্ৰকাশ চিকিৎসকৰ।
অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে এতিয়া পৰিয়ালৰ লোকে সহায় বিচাৰিছে চৰকাৰ কিম্বা কোনো হৃদয়বান লোকৰ।
ইপিনে নন্দিতাক আক্ৰমণৰ বিৰুদ্ধে ধেমাজিত সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ।
আজিও ধেমাজিত সাব্যস্ত কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী।
উল্লেখ্য যে, দেওবাৰে দিন দুপৰতে দুই ছাত্ৰীক আক্ৰমণ কৰিছিল জিণ্টু শৰ্মা নামৰ যুৱক এজনে৷
মৰিঢল মহাবিদ্যালয়ৰ পৰা উভতি যাওঁতে আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল৷ দাৰে ঘপিয়াই উপৰ্যুপৰি আক্ৰমণ কৰিছিল দুই ছাত্ৰীক৷









