অসম

আফগানিস্তাৰ কাবুলৰ পৰা হাইজেক ইউক্ৰেইনৰ উদ্ধাৰকাৰী বিমান…

আফগানিস্তাৰ কাবুলৰ পৰা হাইজেক ইউক্ৰেইনৰ উদ্ধাৰকাৰী বিমান।

মঙ্গলবাৰে সন্ধানহীন হৈছে ইউক্ৰেইনৰ এখন বিমান।

প্ৰকাশিত খবৰ মতে আফগানিস্তানত আৱদ্ধ হৈ থকা ইউক্ৰেইনৰ লোকসকলক উদ্ধাৰৰ বাবে দেশখনৰ এখন বিমান আফগানিস্তানত উপস্থিত হৈছিল গৈ।

ইয়াৰ মাজতে কিছু সংখ্যক অচিনাক্ত অস্ত্ৰধাৰীয়ে বিমানখন হাইজেক কৰি ইৰাণলৈ লৈ যোৱাৰ তথ্য প্ৰকাশ পাইছে।

আফগানিস্তানত আৱদ্ধ ইউক্ৰেইনৰ নাগৰিকক উদ্ধাৰৰ বাবে বিগত সপ্তাহত আফগানিস্তানত অৱতৰণ কৰা বিমানখন কিছুসংখ্যক অস্ত্ৰধাৰীয়ে হাইজেক কৰি ইৰাণলৈ লৈ যায়।

আফগানিস্তানৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বিমানখন তালিবানেই হাইজেক কৰিছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

হাইজেক হোৱা বিমানখনত ৩১ গৰাকী ইউক্ৰেইনৰ নাগৰিককে ধৰি মুঠ ৮৩ গৰাকী বিমান যাত্ৰী আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *