ইতিহাসপ্ৰাসিদ্ধ পদ্মাথানত কাছৰ অস্বাভাৱিক মৃত্যু, উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী

নিউজ ডেস্ক। বিভিন্ন কাৰণত ৰাজ্যৰ একাধিক ধৰ্মীয় স্থানত থকা ইতিহাসপ্ৰসিদ্ধ পুখুৰীত অস্বাভাৱিক মৃত্যু ঘটিছে বহু কাছৰ।

এইবাৰ দৰঙৰ ইতিহাসপ্রসিদ্ধ পদ্মাথান দেৱালয়ৰ পদ্মা পুখুৰীত মৃত্যুমুখত পৰিছে বিলুপ্তপ্ৰায় ৪ টাকৈ কাছ।

1
ইতিহাসপ্ৰাসিদ্ধ পদ্মাথানত কাছৰ অস্বাভাৱিক মৃত্যু, উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী 3

পদ্মা পুখুৰীত কাছৰ অস্বাভাৱিক মৃত্যুৱে উদ্বিগ্ন কৰি তুলিছে প্রকৃতপ্রেমী তথা ভক্ত-দর্শনার্থীসকলক।

সােমবাৰে ৪ টাকৈ মৃত বৃহৎ কাছ পানীত উপঙি থকা প্ৰত্যক্ষ কৰি পাৰলৈ উঠাই আনে দেৱালয় পৰিচালনা সমিতিয়ে।

কাছকেইটাৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও পদ্মা পুখুৰীৰ পানী হ্রাস পোৱাৰ বাবেই মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

vlcsnap 2022 03 01 12h20m04s394
ইতিহাসপ্ৰাসিদ্ধ পদ্মাথানত কাছৰ অস্বাভাৱিক মৃত্যু, উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী 4

অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে উন্মোচিত হ’ব কাছকেইটাৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

জানিব পৰা মতে, ২০১২ ইং চনতে পদ্মা পুখুৰীক কাছ সংৰক্ষণ ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হৈছিল।

ঐতিহাসিক পদ্মা পুখুৰীত বিলুপ্তপ্রায় ভিন্ন প্ৰজাতিৰ কেইবাশ সৰু-বৰ কাছ আছে।

Leave a Comment