নিউজ ডেস্ক। সন্মুখত পৌৰসভা নির্বাচন।
নিৰ্বাচনী প্ৰচাৰত ব্যস্ত এতিয়া নেতা-মন্ত্ৰী-সাংসদ সকলো। য’লৈকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নেতা উপস্থিত হৈছে, তাতেই গুণ বখানিছে নিজ দলৰ প্ৰাৰ্থীৰ, ক্ষুৰধাৰ সমালোচনা কৰিছে বিপক্ষক।
মুঠতে নিৰ্বাচনী ধামখুমীয়াত এতিয়া উথপথপ সমগ্ৰ ৰাজ্য।
এনে পৰিস্থিতিত পিছ পৰি থকা নাই বিজেপি সাংসদ দিলীপ শইকীয়াও।
নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নমা সাংসদ গৰাকীয়ে আনকি এখোজ আগুৱাই গৈ বাছনি কৰি উলিয়ালে অসমৰ শ্ৰেষ্ঠ বিধায়কজনক।

টিহুত পৌৰ সভা নিৰ্বাচনৰ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই অসমৰ ১২৬ গৰাকী বিধায়কৰ ভিতৰত সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক শ্ৰেষ্ঠ অভিহিত কৰিলে দিলীপ শইকীয়াই।
সমষ্টিৰ সাধাৰণ জনতাৰ সৈতে সুখে-দুখে যিদৰে ৰঞ্জিত দাসে সংগ দিছে আৰু সমষ্টিৰ উন্নয়নৰ হকে কাম কৰিছে, সেই আদৰ্শ আন বিধায়কসকলে অনুকৰণ কৰিব লাগে বুলিও মন্তব্য কৰিছে বিজেপিৰ সাংসদ গৰাকীয়ে।

আনহাতে নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধীক সমালোচনা নকৰাকৈ কেনেকৈ থাকে সাংসদ দিলীপ শইকীয়াই? সেয়ে তেওঁ কংগ্রেছক আখ্যা দিলে মহাপাপী দল বুলি।
৮৫৫ গৰাকী ডেকাক হত্যা কৰাৰ অপৰাধত অপৰাধী মহাপাপী দল কংগ্ৰেছৰ অসম বিৰোধী আদৰ্শ এতিয়া অসমীয়া ৰাইজে জানে বুলি মন্তব্য কৰে দিলীপ শইকীয়াই।
তেনে এটা দলৰ সৈতে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাক ৰাইজে কেতিয়াও স্বীকাৰ নকৰে বুলিও কয় সাংসদ গৰাকীয়ে।









