ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে হেক হ’ল ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডাৰ টুইটাৰ একাউণ্ট।
দেওবাৰে পুৱা নড্ডাৰ টুইটাৰ একাউণ্ট হেক কৰি হেকাৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ বাবে ক্ৰিপ্ট’কাৰেন্সী দান বিচৰা পৰিলক্ষিত হয়।

বাতৰি অনুসৰি, দেওবাৰে পুৱা ৭.৩৮ বজাত উত্তৰ প্ৰদেশৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলোকে ভোটদান কৰিবলৈ আহ্বান জনাই এটা পোষ্ট নড্ডাৰ একাউণ্টৰ পৰা কৰা হয়।
কিন্তু তাৰ পিছতে কৰা কেইবাটাও পোষ্টে জেপি নড্ডাৰ টুইটাৰ একাউণ্ট হেকাৰৰ কবলত পৰাটো নিশ্চিত কৰে।
পুৱা ১০.০২ বজাত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ একাউণ্টৰ পৰা ইংৰাজীত ‘ষ্টেণ্ড উইথ ৰাছিয়ান পিপল’ বুলি আৰু তাৰ পিছতে হিন্দীত ‘ইউক্ৰেইনৰ লোকসকলৰ সৈতে থিয় হওঁক’ বুলি দুটাকৈ পোষ্ট কৰি ক্ৰিপ্ট’কাৰেন্সী দানৰ আহ্বান জনায় হেকাৰে।

আনহাতে, ইয়াৰ কিছুসময় পিছতে হিন্দীত আন এটা টুইটত লিখা হয়, “দুঃখিত, মোৰ একাউণ্ট হেক কৰা হৈছে। ৰাছিয়াৰ বাবে দান কৰক কিয়নো ইয়াৰ বাবে সহায়ৰ প্ৰয়োজন।’
অৱশ্যে এই টুইটৰ লগতে বাকী কেইটা টুইটো পৰৱৰ্তী সময়ত ডিলিট কৰা হয় আৰু নড্ডাৰ টুইটাৰ একাউণ্ট পুনৰুদ্ধাৰ কৰা হয়।
উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমৰ পুটিনে ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছতে ক্ৰমাৎ উত্তেজনা বৃদ্ধি পাইছে। ৰাছিয়ান সেনাৰ আক্ৰমণত ইউক্ৰেইনৰ ইখনৰ পিছত সিখন চহৰ ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে মৃত্যু ঘটিছে কেইবাশতাধিক লোকৰ। অৱশ্যে ৰাছিয়ানৰ বৃহৎ সেনা বাহিনীৰ বিৰুদ্ধে এতিয়াও শক্তিশালীৰূপত যুঁজ অব্যাহত ৰাখিছে ইউক্ৰেইনে।
ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে, এতিয়ালৈকে ১৪খন ৰাছিয়াৰ বিমান, ১০২টা টেংক ধ্বংস কৰিছে আৰু ৩,৫০০ তকৈও অধিক ‘ৰাছিয়ান সেনা’ক হত্যা কৰিছে।
ইফালে, ভাৰতে অপাৰেচন গঙ্গাৰ অধীনত বিদেশত আৱদ্ধ নাগৰিকসকলক প্ৰত্যাৱৰ্তন নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত থকাৰ সময়ত, ভাৰতে হিংসা আৰু শত্ৰুতা তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী ৰাষ্ট্ৰদূত টি এছ তিৰুমূৰ্তিয়ে যুদ্ধ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই কয় যে মানৱ জীৱনৰ মূল্যৰ বিনিময়ত কোনো সমাধান সম্ভৱ নহয়।









