মালিগাঁৱৰ প্ৰবল যান-জঁটঃ ভৰলুৰ পৰা আদাবাৰীলৈ যোৱাৰ ক্ষেত্ৰত নতুন পথ নিৰ্দেশনা…

মালিগাঁৱত নিৰ্মাণ হৈ থকা উৰণীয়া সেঁতুৰ কাম-কাজৰ বাবে দৈনিক সাধাৰণ জনতাই সন্মুখিন হ’ব লগা হৈছে অভাৱনীয় যান-জঁটৰ।

যাৰ পৰিপেক্ষিতত ভৰলুৰ পৰা আদাবাৰীলৈ যোৱাৰ বাবে নতুন পথৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ যান-বাহন আৰক্ষীয়ে।

নতুন পথৰ নিৰ্দেশনা অনুসৰি ব্যক্তিগত বাহনেৰে যাতায়ত কৰা লোকসকলে ৰে’লৱে হেডকোৱাৰ্টাৰ হৈ, ছাটল গেটৰ তলেৰে, ডাকঘৰৰ সন্মুখেৰে, কামাখ্যা জংছনৰ সমীপেৰে গৈ বৰিপাৰা তিনিআলিত ওলাব পাৰিব।

এই নতুন নিৰ্দেশনাৰ ফলত কিছু পৰিমাণে যান-জঁট হ্ৰাস পাব বুলি আশা ব্যক্ত কৰিছে প্ৰশাসনে।

উল্লেখ্য যে, মালিগাঁৱৰ পৰা কামখ্যা মন্দিৰৰ প্ৰৱেশ দুৱাৰমুখলৈ নিৰ্মাণ হৈ থকা উৰণীয়া সেঁতুৰ কাম-কাজৰ বাবে প্ৰবল যান-জঁটৰ সন্মুখিন হৈ আহিছে উক্ত পথেৰে যাতায়ত কৰা লোকসকল।

Leave a Comment