৩ গৰাকী সাহসী কিশোৰীয়ে খেদি খেদি ধৰিলে ড্ৰাগছ আসক্ত যুৱকক, গতাই দিলে আৰক্ষীক…

সাহসিকতাৰ পৰিচয় দিলে নগাঁৱৰ তিনি কন্যাই।

ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দি নগাওঁ আৰক্ষীৰ প্ৰশংসা বুটলিছে তিনি সাহসী কিশোৰীয়ে।

কিশোৰী কেইগৰাকী হ’ল ৰুবিত্ৰা পাটৰ, শিল্পী শিখা বৰা আৰু ইনাজ বেগমে।

জানিব পৰা মতে, নগাঁৱৰ নেহৰুবালিত এথলেটিকছ অনুশীলন কৰিবলৈ আহিছিল তিনিওগৰাকী কিশোৰী। সেইসময়ত নেহৰুবালি খেলপথাৰত ড্ৰাগছ সেৱন কৰি আছিল কেইবাজনো যুৱকে। ড্ৰাগছ সেৱন কৰি থকা যুৱক কেইজনক কোনেও আতৰাই পঠাবলৈ সাহস কৰা নাছিল।

কিন্তু তিনি সাহসী কন্যাই সাহসিকতাৰে আটক কৰিলে ড্ৰাগছসহ ড্ৰাগছ সেৱন কৰি থকা যুৱক আজিজুলক।

তাৰ পিছত যুৱক জনক গটাই দিয়ে আৰক্ষীক।

তিনিওগৰাকী কিশোৰীৰ সাহসিকতা এতিয়া ব্যাপক ভাবে চৰ্চিত হৈছে ৰাইজৰ মাজত।

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ো প্ৰসংশা কৰিছে তিনি সাহসী কিশোৰীক আৰক্ষীৰ ফালৰ পৰা বিশেষ সন্মানেৰে সন্মানিত কৰা হ’ব বুলিও মন্তব্য কৰে।

Leave a Comment