নিউজ ডেস্ক। শনিবাৰে মৃত্যুবৰণ কৰিছিল উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল কল্যাণ সিঙে। তেওঁৰ মৃত্যুৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰীয়েও আহি শ্ৰদ্ধা জনাইছিল তেওঁক।
সোমবাৰে ৰাজ্যিক মৰ্য্যদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
তেওঁৰ অন্তিম যাত্ৰাৰ প্ৰাক মুহূৰ্তত উত্তৰ প্ৰদেশ চৰকাৰে লৈছে এক সিদ্ধান্ত। তেওঁলৈ শ্ৰদ্ধা জনাই অযোধ্যাৰ ৰাম মন্দিৰলৈ যোৱাৰ পথৰ নাম নামাকৰণ কৰা হ’ব তেওঁৰ নামেৰে। অৰ্থাৎ ৰাম মন্দিৰলৈ যোৱাৰ পথৰ নাম হ’ব কল্যাণ সিং পথ।
Kalyan Singh Ji…a leader who always worked for Jan Kalyan and will always be admired across India. pic.twitter.com/nqVIwilT7r
— Narendra Modi (@narendramodi) August 22, 2021
এই কথা জানিবলৈ দিয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্যই। ইয়াৰোপৰি ৰাজ্যখনৰ মুখ্য চহৰ লক্ষ্ণৌ, প্ৰয়াগৰাজ, বুলন্দচহৰ আৰু আলিগড়ৰ একোটাকৈ পথৰ নাম নামাকৰণ কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ নামেৰে।
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং আছিল ভগৱান ৰামৰ ভক্ত।
Uttar Pradesh Chief Minister @myogiadityanath pays tribute to former Uttar Pradesh Chief Minister #KalyanSingh pic.twitter.com/wEs6iYjN6i
— DD News (@DDNewslive) August 23, 2021
তেওঁ ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ ইচ্ছা কৰিছিল। গতিকে তেওঁৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব চৰকাৰে।
ইয়াৰোপৰি আলিগড় বিমানবন্দৰৰ নাম বহুতে কল্যাণ সিং নামেৰে নামাকৰণ কৰিবলৈ দিয়া প্ৰস্তাৱ কেবিনেটত সিদ্ধান্ত লোৱা হ’ব।









