অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসকলে এতিয়াৰে পৰা লাভ নকৰিব চৰকাৰী ঘৰ আৰু নিৰপত্তাৰক্ষী।
এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই কথাও স্পষ্ট কৰি দিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ’ব।
তেওঁলোক দুয়োজনে পূৰ্বৰ সুবিধাসমূহ লাভ কৰিব বুলি সদৰি কৰে।
এই নতুন নিয়ম বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাই আৰম্ভ হ’ব।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে যোৱা ১ জানুৱাৰীৰ কেবিনেট বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।
লগতে চাওকঃ
৬০ৰ দশকতে মাতৃহাৰা হৰিণ পোৱালীক বুকুৰ গাখীৰ খুৱাই লালন-পালন কৰা ৰেণুকা দেৱী কৰৰ বিয়োগ










