সুখবৰ! ৰঞ্জী ট্ৰফীৰ পিছতে ফুটবলৰ বাবে মুকলি কৰা হ’ব নেহৰু ষ্টেডিয়াম

২০ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত ফুটবলৰ ক্ৰীড়াংগনৰ দাবীৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক ফুটবলাৰে সাব্যস্ত কৰি থকা প্ৰতিবাদৰ পিছতে ৰাজ্য চৰকাৰে কৰিলে এক ডাঙৰ ঘোষণা।

ৰঞ্জী ট্ৰফী সমাপ্ত হোৱাৰ পিছতে নেহৰু ষ্টেডিয়াম ফুটবলৰ বাবে মুকলি কৰি দিয়াৰ ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। বৃহস্পতিবাৰে এই কথা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

5 1
সুখবৰ! ৰঞ্জী ট্ৰফীৰ পিছতে ফুটবলৰ বাবে মুকলি কৰা হ’ব নেহৰু ষ্টেডিয়াম 2

উল্লেখ্য যে, গুৱাহাটীত ফুটবল ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাৰ স্বাৰ্থত ফুটবল খেলৰ বাবে খেলপথাৰ মুকলি কৰি দিয়াৰ দাবী জনাই ২০ ফেব্ৰুৱাৰীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৫ শতাধিক ফুটবলাৰে।

শেহতীয়াকৈ এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াইও।

প্ৰতিবাদী ফুটবলাৰসকলে দাবী কৰা মতে, গুৱাহাটীত মুঠ ১০ খন খেলপথাৰ ফুটবলৰ বাবে সংৰক্ষিত আছিল যদিও ফুটবল খেলাৰ অনুমতি প্ৰদান কৰা হোৱা নাই। যাৰ বাবে নেহৰু ষ্টেডিয়ামখন ফুটবলৰ বাবে মুকলি কৰি দিয়াৰ দাবী জনায় ফুটবলাৰসকলে।

ক্ৰীড়াৰ ৰাজধানী গুৱাহাটীত ফুটবলৰ ক্ৰীড়াংগন মুকলি কৰাৰ দাবীত দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে ফুটবলাৰসকলে।

ৰাজ্যৰ ফুটবলাৰসকলৰ এই দাবীৰ প্ৰতি সন্মান জনাই অৱশেষত গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম ফুটবলৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। ৰঞ্জী ট্ৰফী খেল সমাপ্ত হোৱাৰ পিছতে খেলপথাৰখন ফুটবলৰ বাবে মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Comment