অসম

মহানগৰীত চাঞ্চল্যকৰ কাণ্ড! প্ৰেমিকৰ গুলীত মৃত্যু প্ৰেমিকাৰ ককায়েকৰ…

মহানগৰীত চাঞ্চল্যকৰ ঘটনা। প্ৰেমৰ বাবে প্ৰেমিকাৰ ককায়েকক গুলিচালনা কৰিলে পশ্চিমবংগৰ পৰা অহা প্ৰেমিকে।

দেওবাৰে পুৱা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় মহানগৰীৰ বশিষ্ঠৰ বঙালীবস্তিত।

পশ্চিমবংগৰ পৰা অহা প্ৰেমিকৰ গুলীত মৃত্যু প্ৰেমিকাৰ ককায়েক প্ৰেম কুমাৰ দেৱনাথৰ।

ইতিমধ্যে হত্যাকাৰী প্ৰেমিক সমৰ ৰয়ক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে।

জানিব পৰা মতে, পশ্চিমবংগৰ সমৰ ৰয় নামৰ যুৱকজনৰ সৈতে অনলাইন গেমিং যোগে চিনাকি হৈছিল বশিষ্ঠৰ বঙালীবস্তিৰ এগৰাকী যুৱতীৰ।

দেওবাৰে হঠাৎ হাতত পিষ্টল লৈ যুৱতীগৰাকীৰ ঘৰত উপস্থিত হয় সমৰ ৰয়।

কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়াত উদণ্ড প্ৰেমিকে গুলিচালনা কৰে সম্পৰ্কীয় ককায়েক প্ৰেম কুমাৰ দেৱনাথৰ ওপৰত।

যাৰ ফলত মূৰত আঘাত লাগি মৃত্যুক সাৱটি লয় প্ৰেম কুমাৰ দেৱনাথে।

ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী সমৰ ৰয়ক। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *