অসম

এজাহাৰ দিলে কি হ’ব মই দুধদানিৰে গাখীৰ খাওঁ নেকি ?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

পুনৰ এবাৰ তীব্রতৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ সংঘাত।

উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক লৈ আপত্তিজনক মন্তব্য কৰিছিল।

তাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কংগ্ৰেছ আৰু বিৰোধীয়ে। অসমতো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন থানাত দাখিল কৰা হৈছে এজাহাৰ।

এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীৰ পৰা সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত স্বদম্ভে কাকো কেৰেপ নকৰাৰ কথা কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, ‘এজাহাৰ দিলে কি হ’ব? ইয়াৰ দ্বাৰা কি প্ৰভাৱ পৰিব? মই কি দুধদানিৰে গাখীৰ খাওঁ নেকি?’

উল্লেখ্য যে, “ৰাহুল গান্ধীৰ পিতৃ ৰাজীৱ গান্ধী বুলি আমি প্ৰমাণ বিচাৰিছোঁ নেকি?” বুলি উত্তৰাখণ্ডৰ নিৰ্বাচনী সভাৰ পৰা এনে অপত্তিজনক মন্তব্য কৰা হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভুল স্বীকাৰ কৰি লব বিচৰা নাই। যাৰ বাবে দেশজুৰি এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে। শেহতীয়াকৈ শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নলবাৰী আৰু ডবকাত এজাহাৰ দাখিল কৰে কংগ্ৰেছে।

Leave a Reply

Your email address will not be published. Required fields are marked *