ৰাষ্ট্ৰীয়অসমীয়া

একেটা শৰীৰত সংযুক্ত চোহনা-মোহনাই ইজনে আনজনক নেদেখাকৈ প্ৰথমবাৰলৈ সাব্যস্ত কৰিলে ভোটাধিকাৰ

এটা শৰীৰ দুটা প্ৰাণ হিচাপে জীৱন নিৰ্বাহ কৰা পঞ্জাৱৰ দুই যমজ ভাতৃ চোহনা-মোহনাই পঞ্জাৱ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰলৈ সাব্যস্ত কৰিলে ভোটাধিকাৰ।

একেটা শৰীৰতে সংযুক্ত হৈ থকা ভাতৃদ্বয়ৰ বাবে ভোটকেন্দ্ৰত বিশেষ ব্যৱস্থা কৰা হয়।

প্ৰথমবাৰলৈ ভোট দান কৰি সংবাদ মাধ্যমৰ সন্মুখত আনন্দ ব্যক্ত কৰে চোহনা আৰু মোহনাই।

P1 4

উল্লেখ্য যে, দেওবাৰে পঞ্জাৱত ১১৭ খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহন। পুৱাৰে পৰা ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে।

ইফালে, পঞ্জাৱৰ বিশেষভাৱে সক্ষম ভোটাৰসকলক ভোটকেন্দ্ৰলৈ লৈ যোৱাৰ বাবে বিশেষ ব্যৱস্থা কৰা হয়।

পঞ্জাৱৰ মুখ্য নিৰ্বাচনী বিষয়া ড০ এছ কৰুণা ৰাজুৰ মতে, চোহনা আৰু মোহনাক পৃথকে পৃথকে দুখন ভোটাৰ কাৰ্ড জাৰি কৰা হৈছিল।

একেটা শৰীৰত সংযুক্ত হলেও দুটা পৃথক মনৰ অধিকাৰী ভাতৃদ্বয়ে যাতে নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোট দিব পাৰে, তাৰ বাবে এনেদৰে দুখন ভোটাৰ কাৰ্ড প্ৰদান কৰা হৈছিল।

P2 2

দুয়োজন ভাতৃয়ে অমৃতসৰৰ ১০১ নম্বৰৰ বুথত ভোট দান কৰে। বুথত গোপনীয়তা বৰ্তাই ৰাখিবলৈ সকলো ব্যৱস্থা কৰা হয়।

তেওঁলোক দুয়োজনে তেওঁলোকৰ নিজৰ ইচ্ছাৰে ভোট দান কৰে। দুয়োজনৰ মাজত কাপোৰৰ এখন পর্দাও আঁৰি দিয়া হয় যাতে ইজনে আনজনৰ ভোটাধিকাৰৰ গোপনীয়তা বৰ্তাই ৰাখিব পাৰে।

উল্লেখ্য যে, যমজ ভাতৃদ্বয়ৰ জন্ম ২০০৩ চনৰ ১৪ জুনত নতুন দিল্লীৰ সুচেতা কৃপলানি হাস্পতালত হৈছিল।

এটা পাকস্থলী, দুখন ভৰি লৈ জন্মগ্ৰহণ কৰা চোহনা-মোহনাৰ কিন্তু আছে দুটা পৃথক মন, দুটা পৃথক মগজু আৰু চাৰিখন হাত।

P3 1

তেওঁলোকৰ জন্মৰ পিছতে পিতৃ-মাতৃয়ে এৰি থৈ যোৱাত পৰৱৰ্তী সময়ত পঞ্জাৱৰ এটা স্বেচ্ছাসেৱী সংস্থাই দুয়োৰে দায়িত্ব গ্ৰহণ কৰে।

তাতেই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ পিছত শেহতীয়াকৈ চোহনা-মোহনাক পঞ্জাৱৰ বিদ্যুৎ বিভাগত চাকৰি প্ৰদান কৰে পঞ্জাৱ চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *