অসমঅসমীয়া

চান্দা নহয়, এইবাৰ বিহু পাতিবলৈ টকা দিব অসম চৰকাৰে!

নিউজ ডেস্ক। চান্দা সংস্কৃতিৰ বিৰুদ্ধে এইবাৰ আৰু এখন আগবাঢ়িছে অসম চৰকাৰ। বিশেষকৈ বিহুৰ সময়ত চান্দা তুলি বিহু অনুষ্ঠান আয়োজন কৰাৰ সংস্কৃতি বন্ধ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে।

বিহুৰ সময়ত কোনো সমিতিয়ে যাতে চান্দা তুলি বিহুৰ অনুষ্ঠান আয়োজন নকৰে তাৰ প্ৰতি পদক্ষেপ গ্ৰহণ কৰি আয়োজক সমিতিক চৰকাৰী অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

G7 4

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰা মতে, বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ বিহুৰ প্ৰথম ৭ দিনত আয়োজক সমিতিক ডেৰ লাখকৈ টকা প্ৰদান কৰা হ’ব।

অৱশ্যে চৰকাৰী সাহায্য লাভ কৰিবলৈ হ’লে সেই বিহু অনুষ্ঠান ১০ বছৰ পুৰণি হব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এইবাৰ ব’হাগ বিহু সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *