অসমঅসমীয়া

কোভিড ভেকচিন গ্ৰহণ কৰিলেহে শিক্ষাৰ্থীয়ে বহিব পাৰিব HS আৰু HSLC পৰীক্ষাত!

নিউজ ডেস্ক। ৰাজ্যত শিথিল হোৱাৰ দিশে কোভিড বিধি।

জনতা ভৱনত আয়োজিত এক সংবাদমেল সম্বোধন কৰি ১৫ ফেব্ৰুৱাৰীৰ পিছত ৰাজ্যত কোভিড বিধি শিথিল কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, ১৫ ফেব্ৰুৱাৰীত নতুন এছঅ’পি জাৰি কৰা হব।

এই নতুন এছঅ’পি অনুসৰি নৈশ সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।

১৫ ফেব্ৰুৱাৰীৰ পৰা শিক্ষানুষ্ঠানসমূহো নিয়মিতভাৱে খোলাৰ অনুমতি দিয়া হব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰোপৰি ১০০ শতাংশ দৰ্শকৰ উপস্থিতিৰে চিনেমা হল আৰু জিম, চুইমিং পুল আদিও খোলাৰ অনুমতি দিয়া হব।

আনহাতে, মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ বাবে কোভিডৰ দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শিক্ষাৰ্থীসকলে ১৫ মাৰ্চৰ পূৰ্বে কোভিড প্ৰতিষেধক গ্ৰহণ কৰিলেহে পৰীক্ষাত বহিব পাৰিব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *