ৰাজ্যৰ ১০ বছৰ পুৰণি বিহু সমিতিলৈ ৰাজ্য চৰকাৰে আগবঢ়াব ১.৫ লাখ টকাকৈ আৰ্থিক অনুদান…

ৰাজ্যৰ চান্দা সংস্কৃতি বন্ধ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

ৰাজ্যৰ ১০ বছৰ পুৰণি বিহু সমিতিলৈ ৰাজ্য চৰকাৰে আগবঢ়াব ১.৫ লাখ টকাকৈ আৰ্থিক অনুদান।

সোমবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে বিহু সমিতি সমূহ ১০ বছৰ পুৰণি হ’ব লাগিব।

লগতে পহিলা বহাগৰ পৰা সাত বহাগলৈ বিহু উদযাপন কৰা সমিতি সমূহেহে চৰকাৰৰ এই অনুদান লাভ কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে।

ক’ভিড পৰিস্থিৰ বাবে ৰাজ্যৰ ব্যাৱসায়ীক সকলে সন্মুখিন হোৱা আৰ্থিক প্ৰত্যাহ্বানৰ পাছত চান্দা সংস্কৃতিৰ বাবে যাতে তেওঁলোকে পুনৰ সমস্যা পাবলগীয়া নহয় সেই উদ্দেশ্যেই ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও সংবাদমেলত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।

আনহাতে, এইবাৰ ৰাজ্যৰ জনসাধাৰণে ভালদৰে ৰঙালী বিহু পালন কৰিব পাৰিব বুলিও মুখ্য মন্ত্ৰী শৰ্মাই আশা ব্যক্ত কৰে

Leave a Comment