অসমঅসমীয়া

লতা মংগেশকাৰৰ বিয়োগত দুদিনীয়া ৰাজ্যিক শোক ঘোষণা অসম চৰকাৰৰ

নিউজ ডেস্ক। এটা যুগৰ অৱসান ঘটাই চিৰবিদায় লোৱা ভাৰতৰ নাইটিঙ্গেল খ্যাত কণ্ঠশিল্পী লতা মংগেশকাৰৰ বিয়োগত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ দেশবাসী।

সংগীতৰ জগতখনৰ মহীৰূহ লতা মংগেশকাৰে দেওবাৰে পুৱা মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

FK6-C5zkag-AU4-Hun

প্ৰখ্যাত কণ্ঠশিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰি অসম চৰকাৰে দুদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে।

অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই লতা মংগেশকাৰৰ মৃত্যু সাংগীতিক জগতখনৰ বাবে কেতিয়াও পুৰণ কৰিব নোৱাৰা ক্ষতি বুলি মন্তব্য কৰি চৰকাৰে দুদিনীয়াকৈ ৰাজ্যিক শোক ঘোষণা কৰাৰ বিষয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, দেওবাৰে বিয়লি ৪.৩০ বজাত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হব প্ৰখ্যাত সংগীত শিল্পী গৰাকীৰ।

কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ অন্তিম যাত্ৰাত অংশ ল’বলৈ ইতিমধ্যে মুম্বাইলৈ উৰা মাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

লগতে চাওকঃ

লতা মংগেশকাৰক মেখেলা চাদৰ উপহাৰ দিয়া সমুজ্জ্বল কাশ্যপে জীৱনত এবাৰো লাভ নকৰিলে তেওঁৰ সান্নিধ্য…

G3

Leave a Reply

Your email address will not be published. Required fields are marked *