নিউজ ডেস্ক। গঁড়ৰ চােৰাং চিকাৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।
এইবাৰ হোজাই জিলাৰ মোৰাঝাৰত আৰক্ষীযৰ অভিযানত গঁড়ৰ খৰ্গসহ গ্ৰেপ্তাৰ হ’ল এজন চোৰাং ব্যৱসায়ী।
জানিব পৰা মতে, মোৰাঝাৰ আৰক্ষীয়ে গুৰুদাস মণ্ডল নামৰ চোৰাং ব্যৱসায়ীজনক গঁড়ৰ খৰ্গসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত গুৰুদাস মণ্ডলৰ ঘৰ জাৰুণী গাঁৱত।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ধৃত লোকজন গঁড়ৰ খৰ্গটো বিক্ৰী কৰিবলৈ নীলবাগানলৈ আহিছিল।
কিন্তু আৰক্ষীৰ অভিযানৰ উমান পাই নীলবাগানৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলায়।
ইয়াৰ পাছতে আৰক্ষীয়ে লোকজনৰ পাছে পাছে খেদি গৈ ৰূপহী আৰক্ষীৰ সহযোগত লাওখোৱাৰ পৰা আটক কৰে।
আৰক্ষীয়ে ধৃত লোকজনৰ মটৰ চাইকেলখনো জব্দ কৰে।









