মহা তাৰকাৰ মহাপ্ৰয়াণ! লতা মংগেশকাৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰীৰ…

ভাৰতৰত্ন লতা মংগেশকাৰ আৰু নাই।

মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কোকিলকণ্ঠীগৰাকীয়ে।

২৯ দিন ধৰি চিকিত্সাধীন হৈ আছিল কোকিলকণ্ঠী লতা মংগেশকাৰ।

লতা মংগেশকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- লতাজীৰ মৃত্যুয়ে এক শূণ্যতাৰ সৃষ্টি কৰিলে। ইয়াৰ পূৰণ কেতিয়াও কোনোৱে কৰিব নোৱাৰে।

ইফালে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দেও গভীৰ শোক প্ৰকাশ কৰিছে।

এয়া অতি পীড়াজনক খবৰ বুলি দুখ প্ৰকাশ কৰিলে ৰাষ্ট্ৰপতিয়ে।

উল্লেখ্য যে কৰ’ণাত আক্ৰান্ত হৈছিল কোকিলকণ্ঠী লতা মংগেশকাৰ।

Image

ডাঃ প্ৰতীত চামদানীৰ তত্বাৱধানত চিকিত্সাধীন হৈ আছিল লতা মংগেশকাৰ।

Leave a Comment