দুবছৰত এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নহ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত! বন্ধ হ’ল এইখন চৰকাৰী শিক্ষানুষ্ঠান

নিউজ ডেস্ক। ভুল কাৰ! যোৰহাটত এখন শতবৰ্ষ গৰকা বিদ্যালয় অৱশেষত বন্ধ হৈ পৰিল।

প্ৰশাসনে আনুষ্ঠানিকভাৱে শুকুৰবাৰে তলা ওলমালে বিদ্যালয়ৰ গেটত। বিদ্যালখন বন্ধ হৈ যোৱাৰ কাৰণ- যোৱা দুটা বছৰে এজনো শিক্ষাৰ্থী বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা নাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

1-2

১৮৯৪ চনত প্ৰতিষ্ঠা কৰা এই বিদ্যালখনেই হৈছে যোৰহাট বেজবৰুৱাৰ উচ্চ মাধ্যমিক বিদ্যালয়। ১৯৭৭ চনত চৰকাৰীকৰণ হোৱা এই বিদ্যালখন বন্ধ হৈ যোৱাৰ আশংকা দীৰ্ঘদিনৰ পৰাই কৰি অহা হৈছিল।

কিন্তু অৱশেষত সেই আশংকাক সত্য প্ৰমাণ কৰি এশ বছৰীয়া ইতিহাস বুকুত সামৰি চিৰদিনৰ বাবে বন্ধ হৈ পৰিল যোৰহাট বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়।

দুটা বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাব নোৱাৰা এই বিদ্যালখন আজি বন্ধ হৈ পৰাৰ বাবে ভুল কাৰ? বিদ্যালয়খনৰ শিক্ষকৰ হেমাহি নে চৰকাৰৰ অমনোযোগিতাৰ বাবে আজি এখন শতবৰ্ষ গৰকা বিদ্যালয় বন্ধ হৈ পৰিল তাক লৈও প্ৰশ্নৰ উদয় হৈছে।

2

বিদ্যালয়খনত কাৰ্যৰত শিক্ষক-কৰ্মচাৰীক ইতিমধ্যে আন স্থানলৈ বদলি কৰা হৈছে। এদিন ছাত্ৰ-ছাত্ৰীৰ কোৰ্হালৰে ৰজনজনাই থকা এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ চৌহদ এতিয়া এখন মৰিশালীৰ দৰে হৈ পৰিছে!

পিছে যোৰহাট বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ক লৈ কাহিনীৰ ইমানতে অন্ত পৰা নাই। চৰকাৰীভাৱে বন্ধ হৈ পৰাৰ পিছত বিদ্যলয়খনক লৈ আৰম্ভ হৈছে আন এটা বিতৰ্কৰ।

দৰাচলতে বিদ্যালয়খনৰ প্ৰতিষ্ঠা কৰা গোৱিন্দ বেজবৰুৱাৰ পৰিয়াল আৰু প্ৰশাসনৰ মাজত এতিয়া বিদ্যালয়ৰ ভূমিক লৈ সৃষ্টি হৈছে টনা-আজোৰাৰ।

বেজবৰুৱা পৰিয়ালৰ অভিযোগ অনুসৰি, মাহে ৫০০ টকা ভাড়াৰ বিনিময়ত বিদ্যালয়ৰ ভূমি তেওঁলোকে চৰকাৰক প্ৰদান কৰিছিল। কিন্তু বহু বছৰৰ পৰা চৰকাৰে এই ভাড়া পৰিয়ালটোক আদায় দিয়া নাই।

সেয়ে বিদ্যালখন বন্ধ হোৱাৰ পিছতে বেজবৰুৱা পৰিয়ালে বিদ্যালয়ৰ ভূমিত অধিকাৰ সাব্যস্ত কৰি গেটত ফলক আঁৰি তলা লগায়।

অৱশ্যে শুকুৰবাৰে প্ৰশাসনে বেজবৰুৱা পৰিয়ালে লগোৱা তলা ভাঙি নিজাকৈ তলা লগায়। বিদ্যালয়খনৰ গৃহ অন্য চৰকাৰী কামত ব্যৱহাৰ কৰাৰ ঘোষনা কৰিছে প্ৰশাসনে।

কিন্তু প্ৰশাসনৰ এই ঘোষণাক আগ্ৰাহ্য কৰিছে গোবিন্দ বেজবৰুৱাৰ পৰিয়ালে। তেওঁলোকৰ দাবী- এতিয়াও বিদ্যালয় ভূমিৰ খাজনা তেওঁলোকে ভৰি আহিছে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে অনৈতিকভাৱে ভূমি অধিগ্ৰহণৰ চেষ্টা চলালে প্ৰয়োজন হলে ন্যায়ালয়ৰ দাৰস্থ হোৱাৰো ইংগিত দিয়ে বেজবৰুৱা পৰিয়ালে।

যোৰহাটৰ মাজমজিয়াৰ এনে এখন পুৰণি আৰু ঐতিহ্যমণ্ডিত বিদ্যালয় হঠাৎ বন্ধ হৈ পৰা আৰু বিদ্যালয়ৰ ভূমিক লৈ সৃষ্টি হোৱা এনে বিতৰ্কই এতিয়া শৈক্ষিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave a Comment