নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অসম চৰকাৰক তেওঁৰ ‘মন কী বাত’ অনুষ্ঠানত ৰাজ্যখনত গঁড় সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে।
‘মন কী বাত’ সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে যোৱা ৮ বছৰত ৰাজ্যখনত গঁড়ৰ চোৰাং চিকাৰ যথেষ্ট হ্ৰাস পাইছে।
প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে যদিও ২০১৩ চনত ৩৭ টা, ২০১৪ চনত ৩২ টা গঁড় নিধন হৈছিল, গঁড় হত্যাৰ সংখ্যা ২০২০ চনত ২ আৰু ২০২১ চনত এটালৈ হ্ৰাস পাইছে।
Today's #MannKiBaat is special for Assam. Adarniya PM Sri @narendramodi did not only acknowledge role of people in anti-poaching efforts but also made us nostalgic by playing Kaziranga song of Sudhakontho Bhupen Hazarika, a perennial inspiration for Assam. Shows PM's love for us. pic.twitter.com/TkKm41rcEL
— Himanta Biswa Sarma (@himantabiswa) January 30, 2022
সামূহিক প্ৰচেষ্টাৰ জৰিয়তে পশু সংৰক্ষণৰ ক্ষেত্ৰত পথ দেখুওৱাৰ বাবে অসমৰ জনসাধাৰণকো অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে।
ইফালে, অসম চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰশংসাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চোৰাং চিকাৰৰ বিপদ দূৰ কৰাৰ প্ৰচেষ্টা অব্যাহত থাকিব।









