৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, দুগৰাকী চিকিৎসকৰ বাহনৰ মুখামুখি সংঘৰ্ষ…

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা।

কলিয়াবৰত দুগৰাকী চিকিৎসকৰ বাহনৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাটোৰ ফলত দুগৰাকী চিকিৎসকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

দুয়োগৰাকীকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

কলিয়াবৰৰ কুঁৱৰীটোলৰ গোমোঠাগাঁৱত সংঘটিত হৈছে দুৰ্ঘটনাটো।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দেৰগাঁৱৰ চিকিৎসক পৰাগ বৰগোঁহাই।

আহত আন দুজন ক্ৰমে কলিয়াবৰৰ চিকিৎসক কনক বসুমতাৰী আৰু তেখেতৰ পত্নী মীৰা বসুমতাৰী মহন্ত।

আহত তিনিও জনকে স্থানীয় ৰাইজৰ সহযোগত কলিয়াবৰ আৰক্ষীয়ে উদ্ধাৰ কৰি ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰে ।

দুৰ্ঘটনা সংঘটিত হোৱা বাহন দুখনৰ পঞ্জীয়ন নং As 01 BT 4161আৰু As 02 K 5578.

লগতে চাওকঃ

মাথোঁ ৬ দিনৰ ভিতৰতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই ঘাটমাউৰা হৈ পৰিল এটি কণমানি!

Leave a Comment