নিউজ ডেস্ক। পুনৰ বনভােজ স্থলীত ঘটিল অঘটন।
মহাবাহুৰ বুকুত সলিল সমাধি ঘটিল এজন যুৱকৰ। এই ঘটনাৰ স্থান নগাঁও জিলাৰ শিলঘাটৰ ত্ৰিশূলধাৰী।

উল্লেখ্য যে যােৱা বনভােজ খাবলৈ গৈ যােৱা ২৬ জানুৱাৰীত লুইতৰ বুকুত সন্ধানহীন হােৱা ধ্ৰুৱজ্যোতি বৰা ওৰফে ধন বৰা নামৰ যুৱকজনৰ মৃতদেহ বৃহস্পতিবাৰে নিশা উদ্ধাৰ কৰা হয় ৷
যুৱকজনৰ ঘৰ নগাঁও জিলাৰ কলিয়াবৰৰ জমখলা গাঁৱত বুলি জানিব পৰা গৈছে।
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (SDRF)ৰ অভিযানত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।
লগতে চাওকঃ
ডিঙিত বিশেষ শ্ল’গান লিখা প্লেকাৰ্ড আঁৰি বিয়াত বহিল এগৰাকী শিক্ষক!










