অসমঅসমীয়া

দুষ্পাপ্য বনৰৌৰ বাকলি সহ ৭ জনক আটক বন বিভাগৰ

নিউজ ডেস্ক। সহজে ধন ঘটাৰ লালসাত ৰাজ্যত একাংশ লােক নামি পৰিছে দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ অংগ প্ৰত্যংৰ চােৰাং বেহাত।

এইবাৰ মহানগৰীৰ পাৰ্শ্বৱৰ্তী সােনাপুৰত দুষ্পাপ্য বনৰৌৰ শৰীৰৰ বাকলিসহ ৭ সৰবৰাহকাৰী জালত পৰিল বন বিভাগৰ।

2-21

গোপন সূত্ৰৰ পম খেদি বন্য জীৱ অপৰাধ নিয়ন্ত্ৰণ বিভাগৰ লোকে বৃহস্পতিবাৰে সাত জনকৈ লোকৰ পৰা দুষ্প্ৰাপ্য বনৰৌৰ বাকলি উদ্ধাৰ কৰাৰ লগতে ছয়টাকৈ ম’বাইল জব্দ কৰিবলৈ সক্ষম হয় ।

৪ কেজি ১ শ গ্ৰাম ওজনৰ বনৰৌৰ বাকলিখিনি লোককেইজনে পাটৰকুচি অঞ্চলৰ একন ৰিজৰ্টত বাহৰ পাতি কোনো লোকক বিক্ৰীৰ বাবে যো-জা কৰি আছিল।

এই সম্ভেদ লাভ কৰি বন বিভাগৰ লোকে যুটীয়াভাৱে অভিযান চলাই লোককেইজনৰ জিম্মাৰ পৰা বনৰৌৰ বাকলিখিনি জব্দ কৰে।

বন বিভাগে প্ৰকাশ কৰা অনুসৰি, উক্ত বাকলিখিন মেঘালয়ৰ পৰা অসমলৈ আনি বিক্ৰীৰ বাবে যো-জা চলাইছিল এই চক্ৰটােৱে।

গড়ৰ খড়্গ আৰু বনৰৌৰ বাকলিৰ মূল্য প্ৰায় একেই বুলি বন বিভাগে জানিবলৈ দিছে।

ঘটনা সম্পৰ্কে বন বিভাগে এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।

অচিৰেই এই চক্ৰটােৰ সৈতে জড়িত অন্যান্য লােক জালত পৰিব বুলি প্ৰকাশ কৰিছে অভিযানকাৰী দলটােৰ এজন বিষয়াই।

লগতে চাওকঃ

ডিঙিত বিশেষ শ্ল’গান লিখা প্লেকাৰ্ড আঁৰি বিয়াত বহিল এগৰাকী শিক্ষক!

1

Leave a Reply

Your email address will not be published. Required fields are marked *