সম্প্ৰীতিৰ নিদৰ্শন! দুখীয়া হিন্দু যুৱতীৰ বিয়াৰ সমস্ত খৰচ কান্ধ পাতি ল’বলৈ মুছলমান যুৱকৰ হাত উজান…

নিউজ ডেস্ক। সম্প্ৰীতি ,ভাতৃত্ববোধৰ এক বিৰল নিদৰ্শন, দুখীয়া হিন্দু যুৱতীৰ বিয়াৰ সমস্ত খৰচ কান্ধ পাতি ল’বলৈ মুছলমান যুৱকৰ হাত উজান।

অতিকে নিচলা হিন্দু পৰিয়ালৰ যুৱতীৰ বিয়াৰ খৰচৰ দায়িত্ব লৈ মুছলমান সম্প্ৰদায়ৰ যুৱক সকলে মিলি সংগ্ৰহ কৰিলে মোটা অংকৰ ধন আৰু খাদ্য সামগ্ৰী।

photo-2022-01-28-11-57-10

কামৰূপৰ নগৰবেৰাৰ টুপামাৰীত পোহৰলৈ আহিছে সম্প্ৰীতি-সদ্ভাৱৰ এই বিৰল নিদৰ্শন।

অঞ্চলটোৰ সহস্ৰাধিক মুছলমান পৰিয়ালৰ মাজত এপাচি শাকত এটা জলকীয়াৰ দৰে বহু বছৰৰে পৰা বাস কৰি আহিছে বাবুল চন্দ্ৰ হৰিজনৰ একমাত্ৰ হিন্দু পৰিয়ালটো।

অতিকে দুখীয়া বাবুল হৰিজনৰ বাবে বিয়া-বাৰুৰ খৰছ যোগাৰ কৰাটো মুঠেই সম্ভৱপৰ নহয়, তেনেস্থলত স্নাতক উত্তীৰ্ণ হোৱা কন্যাৰ বিয়াৰ দিন ঠিক হয়।

পিতৃ বাবুলে বিয়াৰ খৰচৰ বাবে হাবাথুৰি খাবলগীয়া হ’ল আৰু উপায়বিহীন হৈ কথাষাৰ সৰুৰে পৰা একেলগে ডাঙৰ-দীঘল হোৱা দুজনমান মুছলমান বন্ধুক অৱগত কৰিলে।

photo-2022-01-28-11-59-46

সেইমৰ্মে ধৰ্মীয় সংকীৰ্ণতাক একাষৰীয়া কৰি ওলাই আহিল অঞ্চলটোৰ মুছলমান সম্প্ৰদায়ৰ যুৱক সকল।

একগোট হৈ সংগ্ৰহ কৰিলে বিয়াৰ সমস্ত খৰচৰ ধন, তুলি দিয়া হয় পিতৃ বাবুল চন্দ্ৰ হৰিজনৰ হাতত।

সততে সমাজত প্ৰত্যক্ষ কৰা ধৰ্মীয় সংকীৰ্ণতাৰ বিৰুদ্ধে নগৰবেৰাৰ টুপামাৰী অঞ্চলৰ এই সম্প্ৰীতি-সদ্ভাৱৰ দৃশ্যই পুনৰ উদঙাই দিছে উদাৰ মানৱতা।

টুপামাৰী অঞ্চলৰ যুৱক বৃন্দৰ এনে মহানুভৱতাৰ শ’লাগ লৈছে সকলোৱে।

লগতে চাওকঃ

ডিঙিত বিশেষ শ্ল’গান লিখা প্লেকাৰ্ড আঁৰি বিয়াত বহিল এগৰাকী শিক্ষক!

1

এখন গাঁৱৰ ৰাইজে ১৫ দিনত বাঁহ-বেতেৰে সাজি উলিয়ালে ৫ হাজাৰ আসনবিশিষ্ট ইন্দােৰ ষ্টেডিয়াম!

22

Leave a Comment