দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমোদন ৰাষ্ট্ৰপতিৰ

দুৰ্নীতিগ্ৰস্ত আই পিএছ বিষয়া ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে গোচৰ চলাবলৈ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ আবেদন।

আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত ৫ অক্টোবৰ, ২০২১ত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীৰ উপ মহাপৰিদৰ্শক পদত নিযুক্ত ৰৌনক আলী হাজৰিকাক।

photo-2021-11-18-10-35-56

মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে ৬/২০২১ নম্বৰৰ গোচৰ ৰুজু কৰি প্ৰথমখন অভিযোগ নামা দাখিল কৰে।

কিন্তু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হোৱাৰ বাবে ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে ন্যায়িক প্ৰক্ৰিয়া আগবঢ়াই নিওতে থমকি ৰবলগীয়া হয় আৰক্ষী।

তাৰ পিছতে আদালতৰ নিৰ্দেশমৰ্মে দুৰ্নীতিগ্ৰস্ত উচ্চপদস্থ আৰক্ষী বিষয়জনৰ বিৰুদ্ধে গোচৰ চলাবলৈ ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন জনায় চিএম ভিজিলেন্সে।

আনহাতে গোচৰ চলাবলৈ ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰাৰ পিছতে শুকুৰবাৰে বিশেষ ন্যায়াধীশৰ আদালতত অনুমোদনৰ প্ৰতিলিপি দাখিল কৰে CMVৰ আৰক্ষী অধীক্ষক ৰ’জি কলিতাই।

উল্লেখ্য যে, আৰক্ষীৰ মহা পৰিদৰ্শক ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে আছে আয়তকৈ অধিক সম্পত্তি থকাৰ অভিযোগ। তদুপৰি অনুমতি অবিহনে হংকং, ইণ্ডোনেছিয়া, ডুবাই, বাংলাদেশ, মালেয়ছিয়া, বেংকক, থাইলেণ্ডসহ ৯ খন দেশ ভ্ৰমণ কৰিছিল ৰৌনক আলী হাজৰিকাই।

আনহাতে পৰৱৰ্তী তদন্তত পোহৰলৈ অহা অনুসৰি, গুৱাহাটীৰ তিনি ঠাইত থকা প্ৰসাদোপম বাসগৃহ আৰু হোটেলৰ গৰাকী এইজন দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া।

লগতে চাওকঃ

কলেজীয়া ছাত্ৰীৰ অপহৰণ-মুক্তিপণ দাবী! পৰিয়ালত হাহাকাৰ

G7

Leave a Comment