ৰাষ্ট্ৰীয়

আজিৰ পৰা চিৰদিনৰ বাবে নিৰ্বাপিত হ’ব অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা…

চিৰদিনৰ বাবে নিৰ্বাপিত হ’ব দিল্লী ইণ্ডিয়া গেটস্থিত অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা।

শুকুৰবাৰে বিয়লি ৩-৩০ বজাত নিৰ্বাপিত হ’ব ইণ্ডিয়া গেটস্থিত অমৰ জোৱানৰ জ্যোতিৰ অগ্নিশিখা।

এই অগ্নিশিখাক আজিৰে পৰা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে একেলগ কৰা হ’ব।

বিয়লি ৩-৩০ বজাত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে সংলগ্ন কৰা হ’ব অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা।

তাৰ ঠাইত নিৰ্মাণ হব নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিশাল প্ৰতিমূৰ্তি। ইণ্ডিয়া গেটত প্ৰতিষ্ঠা হ’ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ সিদ্ধান্ত। প্ৰধানমন্ত্ৰীয়ে তেখেতৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই বিষয়ে জানিবলৈ দিয়ে।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মদিনৰ সময়তে গ্ৰেনাইটেৰে নিৰ্মাণ কৰা প্ৰতিমূৰ্তি উন্মোচন কৰা হব।

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কয় যে, এই পদক্ষেপ সুভাষ চন্দ্ৰ বসুৰ ত্যাগৰ প্ৰতিদান স্বৰূপ হ’ব। অৱশ্যে প্ৰতিমূৰ্তি নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে সেই স্থানত এক হ’ল’ গ্ৰাম মূৰ্তি স্থাপন কৰিব আৰু ইয়াক অহা ২৩ জানুৱাৰী তাৰিখে মুকলি কৰিব স্বয়ং প্ৰধানমন্ত্ৰীয়ে।

উল্লেখযোগ্য যে, ১৯৭২ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অমৰ জ্যোতিৰ উদ্ঘাটন কৰিছিল। ১৯৭১ চনৰ ভাৰত–পাকিস্তানৰ যুদ্ধত মৃত্যু হোৱা ভাৰতীয় সৈন্যৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল অমৰ জ্যোতি।

কিন্তু এতিয়াৰে পৰা এই শিখা আৰু জ্বলি নাথাকিব। এই শিখাক স্থানান্তৰিত কৰা হ’ব ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৯ চনৰ ২৫ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক উদ্বোধন কৰিছিল। এই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণৰ বাবে ১৭৬ কোটি টকা ব্যয় কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *