অসমঅসমীয়ামেঘালয়

আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক

চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে মঙ্গলবাৰে কইনাধৰাৰ ১নং অতিথিশালাত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত আন্তঃৰাজ্যিক সীমা সমস্যা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

FJX8-ZDRa-AAI2-IMd

বৈঠকত বিজেপিৰ উপৰিও কংগ্ৰেছ আৰু এআইইউডিএফৰ কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে।

ইফালে বৈঠকৰ অন্তত বিধায়ক আমিনুল ইছলামে জানিবলৈ দিয়া মতে, সৰ্বদলীয় বৈঠকত পিলিংকাটা, লাম্পী, পশ্চিম গুৱাহাটীৰ সৰু অংশ মেঘালয়ক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তেওঁ লগতে জানিবলৈ দিয়া মতে, মেঘালয়ৰ সৈতে থকা দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ স্বাৰ্থত সীমা সমস্যা থকা অঞ্চলসমূহত অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ ভূমি লাভ কৰিব।

আনহাতে, মেঘালয়ে লাভ কৰিব ১৮.২৯ বৰ্গ কিলোমিটাৰ ভূমি। ইয়াৰ ফলত ভৱিষ্যতে কেতিয়াও এই স্থানসমূহ মেঘালয়ে দাবী কৰিব নোৱাৰিব।

ইফালে এই প্ৰসংগতে বিয়লিৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এখন বৈঠক অনুষ্ঠিত কৰিব।

এই বৈঠকত আছু, এবছুকে ধৰি কেইবাটাও আঞ্চলিক দলৰ প্ৰতিনিধিয়ে অংশ ল’ব বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

কঠােৰ আৰক্ষী! ক’ভিডৰ ভেকচিন নোলোৱা যাত্ৰীক বাছৰ পৰা নমালে আৰক্ষীয়ে, বিহিলে জৰিমনা

G5

Leave a Reply

Your email address will not be published. Required fields are marked *