সীমা সমস্যা সন্দৰ্ভত সৰ্বদলীয় বৈঠকঃ অসমৰ কেইবাটাও স্থানৰ ভূমি এৰি দিব মেঘালয়ক…

আন্তঃৰাজ্যিক সীমা সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সভাপতিত্বত সৰ্বদলীয় বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

অসমৰ কেইবাটাও স্থানৰ ভূমি এৰি দিব মেঘালয়ক।

অসমে মেঘালয়ৰ পৰা পাব ১৮.৫১ কিলোমিটাৰ ভূমি।

মেঘালয়ে অসমৰ পৰা পাব ১৮.২৯ কিলোমিটাৰ ভূমি।

সেই অনুসৰি পিলিংকাটা, লাম্পী, পশ্চিম গুৱাহাটীৰ সৰু অংশ মেঘালয়ক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই সন্দৰ্ভত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয় যে, বিবাদমান এলেকা আধা আধা ভাগত বিভক্ত হব।

ইয়াৰে ১৮.৫১ বৰ্গ কিলোমিটাৰ ভূমি অসমৰ অধিনলৈ অহাৰ বিপৰীয়ে ১৮.২৯ বৰ্গ কিলোমিটাৰ ভূমি মেঘালয়ৰ অধিনলৈ যাব। কিন্তু ইয়াৰে ঐকৌ ৫৯ বৰ্গ কিলোমিটাৰ ভূমিক লৈ এতিয়াও সমস্যা আছে।

ইয়াৰ ফলত ভৱিষ্যতে কেতিয়াও এই স্থানসমূহ মেঘালয়ে দাবী কৰিব নোৱাৰে।

আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই বৈঠক সন্দৰ্ভত কয় যে- সর্বদলীয় বৈঠকত নহয়, বিধানসভাত সীমা সমস্যাৰ আলোচনা কৰাৰ আহ্বান মুখ্যমন্ত্ৰীক।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, বৈঠকত বিবদমান অঞ্চলৰ তিনিটাকৈ এলেকা মেঘালয়ক এৰি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে। কিন্তু বৈঠকত লোৱা প্ৰস্তাৱক আদৰণী জনোৱা নাই কংগ্ৰেছে।

আনহাতে এই প্ৰসংগতে বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আন এক বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত আছু, এবছুকে ধৰি বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে, অসমৰ মেঘালয়ৰ বিবাদমান এলেকা মুঠ ১২ টা। ইয়াৰে ভিতৰত আজি মুঠ ৬ টা বিবাদমান এলেকা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছিল।

বাকী ৬ টা বিবাদমান এলেকা অতি স্পৰ্শকাতৰ। পৰৱৰ্তী সময়ত আলোচনা হব অন্য ৬ টা এলেকাক লৈ।

Leave a Comment