অসম

ৰে’লৱে আৰক্ষীৰ বৃহৎ সফলতা, গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা…

ৰাজ্যত অব্যাহত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ, মহানগৰীত হেৰ’ইনসহ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।

গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।

মুঠ ৫৫ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৰেলৱে আৰক্ষী বিভাগে।

সাধাৰণ তালাচীৰ সময়তে এই গাঞ্জাখিনি জব্দ কৰে।

মঙলবাৰে পুৱা আৰপিএফৰ তালাচীত পল্টনবজাৰ ৰে’লৱে ষ্টেচনত জব্দ হ’ল বুজন পৰিমাণৰ গাঞ্জা৷

আগৰতলা-আনন্দ বিহাৰ তেজছ এক্সপ্ৰেছৰ পৰা আৰপিএফে জব্দ কৰে গাঞ্জাখিনি৷

জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৬ লাখ টকা৷

এটা পৰিত্যক্ত বেগৰ ভিতৰত এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰে। বেগটোৰ কোনো গৰাকী নাছিল।

বৰ্তমানলৈকে কোনো লোকক আটক কৰা নাই আৰক্ষীয়ে। 

আনহাতে সোমবাৰে নিশা মহানগৰীৰ লালমাটিত চলা বশিষ্ট আৰক্ষীৰ অভিযানত ৪ গ্ৰাম হেৰ’ইনসহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়৷ ধৃত সৰবৰাহকাৰী।

ধৃত সৰবৰাহকাৰীটো ধনমণি মহন্ত৷ ধনমণি মহন্তৰ পৰা বশিষ্ঠ আৰক্ষীয়ে ড্ৰাগছৰ লগতে জব্দ কৰে ৭ হাজাৰ ৫শ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *