অসমতাে তালিবানৰ সমৰ্থক! ছাত্ৰ-মৌলানাসহ ১৪ জনক গ্ৰেপ্তাৰ, চাওক সবিশেষ

ছ’চিয়েল মিডিয়াত তালিবানক সমৰ্থন কৰাৰ বাবে গ্ৰেপ্তাৰ হ’ল অসমৰ কেইবাজনকো লোক।

ইতিমধ্য অসমৰ বিভিন্ন জিলাৰ পৰা ১৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

অসমৰ মুঠ ১০ খন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই ব্যক্তিসকলক।

এই ১৪ জন ব্যক্তিৰ মাজত আছে এগৰাকী মেডিকেলৰ ছাত্ৰ।

তেজপুৰ মেডিকেলত এম বি বি এছ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছিল ছাত্ৰজনে।

ছাত্ৰজনৰ ঘৰ হাইলাকান্দিত বুলি জানিব পৰা গৈছে।

আনহাতে তিনিজন মৌলানাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

অসম আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আটকাধীন অসমৰ ১৪ জন তালিবানৰ সমৰ্থকৰ মাজত আছে ৪০ উৰ্ধৰ ৩ গৰাকী মৌলানা।

অসম আৰক্ষীয়ে আটক কৰা এই ১৪ গৰাকী তালিবানৰ সমৰ্থক কেইজন হ’ল- দৰং জিলাৰ মৌলানা ফাজুল কৰিম (৪৯), কামৰূপ গ্ৰাম্যৰ আবু বক্কৰ ছিদ্দিক (৫৫), ছাইদুল হক (২৯), কাচাৰ জিলাৰ জাভেদ মজুমদাৰ, বৰপেটা জিলাৰ মজিদুল ইছলাম (২৫), ফাৰুক হুছেইন খান (৩২), ধুবুৰী জিলাৰ ছৈয়াদ আহমেদ(২৭), অৰমান হুছেইন (২৫), হাইলাকান্দিৰ নাদিম আখটাৰ (২৩), দক্ষিণ শালমাৰাৰ খান্দাকাৰ নুৰ আলম, গোৱালপাৰাৰ মৌলানা য়াছিন খান (২৬) হোজাইৰ মৌলানা বাছিৰুদ্দিন লস্কৰ (৬৫), কৰিমগঞ্জৰ মুজিব উদ্দিন আৰু মুৰ্টোজা হুছেইন খান।

Leave a Comment