অসম

মৰ্মান্তিক! বিদ্যুৎস্পৃষ্ট হৈ ২ মাইকী হাতীৰ শােকাৱহ মৃত্যু, আটক ২

নিউজ ডেস্ক। ৰাজ্যত পুনৰ সংঘটিত হ’ল বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা।

খেতিপথাৰত কৃষকে স্থাপন কৰা অবৈধ বৈদ্যুতিক ফান্দৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যু দুটা বন্যহস্তীৰ।

এই শােকাৱহ ঘটনাৰ স্থান বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত গোলাগাঁৱৰ সমীপৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাফাৰ জ’নৰ বাটাবাৰী ৰেঞ্জৰ সংৰক্ষিত বনাঞ্চলৰ ওচৰৰ কৰেবাৰী এলেকা।

বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ঘটনা।

জানিব পৰামতে, খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা মাইকী হাতী দুজনী খেতিপথাৰত পহৰাৰ বাবে পোহৰৰ ব্যৱস্থা কৰিবলৈ সংযোজিত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যু হয়।

শুকুৰবাৰে পুৱা স্থানীয় লোকে খেতিপথাৰত মৃত অৱস্থাত হাতী দুটা প্ৰত্যক্ষ কৰি বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভ কৰি বাতাবাৰী বনাঞ্চলৰ বনকৰ্মী ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতী দুটা প্ৰত্যক্ষ কৰাৰ লগতে মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

পিছত ৰচেন দেউৰী নামৰ লোকজনে বিদ্যুৎ সংযোগ কৰি হাতী দুটা হত্যা কৰা বুলি নিশ্চিত হয়। সম্প্ৰতি মৃত হাতী দুটাৰ মৰণোত্তৰ পৰীক্ষা কৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছে বন বিভাগে।

ইফালে বিদ্যুৎ সংযোগ কৰি হাতী হত্যা কৰা ৰচেন দেউৰীয়ে শিমলা থানাত আত্মসমৰ্পণ কৰে।

ইতিমধ্যে ঘটনাৰ লগত জড়িত শচীন দৈমাৰী নামৰ আন এজন লোকক বন বিভাগে আটক কৰি ঘটনা সন্দৰ্ভত জেৰা কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *