অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এটা ভাল খবৰ কঢ়িয়াই আনিছে অসমৰ দুগৰাকী শিক্ষকে।
শৈক্ষিক ক্ষেত্ৰলৈ আগৱঢ়োৱা অৱদানৰ বাবে ২০২১ বৰ্ষৰ ভাৰতৰ শ্ৰেষ্ঠ শিক্ষকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ দুগৰাকী শিক্ষকে।
যোৰহাটৰ টীয়কৰ কংকন কিশোৰ দত্ত আৰু বাক্সাৰ বিনন্দ স্বৰ্গীয়াৰীৰে লাভ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় শিক্ষকৰ সন্মান।
যোৰহাট জিলাৰ টীয়কৰ বামুনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্ত।
আনহাতে বিনন্দ স্বৰ্গীয়াৰী বাক্সা জিলাৰ তামুলপুৰ কে.বি দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক।

সৰ্বভাৰতীয় পৰ্যায়ত মুঠ ৪৪ জন শিক্ষকলৈ আগবঢ়োৱা এই সন্মান।
চলিত বৰ্ষৰ শিক্ষক দিৱসত (৫ ছেপ্টেম্বৰ) সমগ্ৰ দেশৰ ৪৪ জন শিক্ষকক সন্মানীয় ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ’ব।
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বুধবাৰে এই বছৰৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত শিক্ষকসকলৰ এখন তালিকা প্ৰকাশ কৰিছে।
দুয়োগৰাকী শিক্ষককে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জ্ঞাপন কৰিছে অভিনন্দন।
Heartiest congratulations to Sri Kangkan Kishor Dutta of Jorhat and Sri Binanda Swargiary of Baksa on being selected for the prestigious National Awards to Teachers 2021 for your exemplary work.
— Himanta Biswa Sarma (@himantabiswa) August 19, 2021
We’re extremely proud of you and my good wishes for you to continue the great work. pic.twitter.com/CiYKOgS4n3









