অসম

ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ! DA/DR ২৮ শতাংশলৈ বৃদ্ধিৰ অধিসূচনা জাৰি বিত্ত বিভাগৰ…

ৰাজ্যিক কৰ্মচাৰী সকললৈ সুখবৰ!

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে আনিছে ভাল খবৰ।

কেবিনেট বৈঠকত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ (DA) আৰু মৰগীয়া সাহায্য (DR) ২৮ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ।

বৰ্তমানৰ ১৭ শতাংশৰ পৰা ১১ শতাংশ বৃদ্ধি হৈ ২৮ শতাংশ হ’ল কৰ্মচাৰীৰ মৰগীয়া বানচ। 

২০২১ৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ DA/DR বৃদ্ধি কৰা হৈছে।

আনহাতে ক’ভিড মহামাৰীৰ বাবে ২০২০ চনৰ ২০ মাৰ্চৰ আগতে ছুটিত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল, তেওঁলোকৰ সেই অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *