কামাখ্যা মন্দিৰলৈ যোৱা নতুন পথত ভয়ংকৰ ঘটনা।
সুৰামত্ত যুৱকৰ দলৰ আক্ৰমণত নিহত এজন শ্ৰমিক।
প্ৰথমে আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল শ্ৰমিক জন।
ইয়াৰ পিছত GMCH লৈ অনা হৈছিল যদিও GMCH ত মৃত্যু হোৱা বুলি ঘোষণা কৰে শ্ৰমিকজনক।
জানিব পৰা মতে, সুৰামত্ত যুৱকৰ দল এটাই ৩ জনকৈ শ্ৰমিকক কাম কৰি থক অৱস্থাত আক্ৰমণ কৰিছিল।
মৃত শ্ৰমিক জনৰ নাম ৰূপচান আলী(১৯) বুলি জানিব পৰা গৈছে।
নিৰ্মাণ কাৰ্যত জড়িত থকা শ্ৰমিকৰ দলটোক সুৰামত্ত যুৱকৰ দলটোৱে দা কুঠাৰ লৈ আক্ৰমণ কৰিব আহিছিল বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত জালুকবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
এই ঘটনা সংঘটিত হৈছে ৩০ ডিচেম্বৰত।









