নিউজ ডেস্ক। শুকুৰবাৰে কনৌজত এক সংবাদমেল সম্বোধন কৰাৰ কথা আছিল সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অখিলেশ সিং যাদৱে।
এই সংবাদ মেলত তেওঁৰ সৈতে উপস্থিত থকাৰ কথা আছিল সমাজবাদী পাৰ্টিৰ বিধান পৰিষদৰ সদস্য তথা আতৰ ব্যৱসায়ী পুষ্পৰাজ জৈন ওৰফে পম্পী।
কিন্তু অখিলেশ যাদৱৰ সংবাদমেলৰ পূৰ্বেই শুকুৰবাৰে পুৱা এছপি নেতা পুষ্পৰাজ জৈনৰ বাসগৃহত অভিজান চলায় আয়কৰ বিভাগে।

আয়কৰ বিভাগৰ দলটোৱে কনৌজ, হাথৰস, কানপুৰ, লক্ষ্ণৌ, মুম্বাই, নয়ডাকে ধৰি কেইবাটাও স্থানত অভিযান চলাই আছে। আমোদজনক ভাৱে, অখিলেশ যাদৱে বৃহস্পতিবাৰে ঘোষণা কৰিছিল যে তেওঁ শুকুৰবাৰে কনৌজত পম্পী জৈনৰ সৈতে এখন সংবাদমেল অনুষ্ঠিত কৰিব। কিন্তু এই সংবাদমেলৰ আগতেই আয়কৰ বিভাগে পম্পী জৈনৰ ঘৰত অভিযান চলায়।
আয়কৰ বিভাগৰ এই অভিযানক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশ নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধীক দমন কৰিবলৈ বিজেপিয়ে এই অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সমাজবাদী পাৰ্টীয়ে। এছপিৰ অধ্যক্ষ অখিলেশ সিং যাদৱে কয়, “যোৱাবাৰৰ অপৰিসীম বিফলতাৰ পিছত, এইবাৰ বিজেপিৰ চূড়ান্ত সহযোগী আয়কৰ বিভাগে অৱশেষত এছপি এমএলচি পুষ্প ৰাজ জৈন আৰু কনৌজৰ অন্যান্য আতৰ ব্যৱসায়ীসকলৰ বাসগৃহত অভিযান চলাইছে। ভীতিগ্ৰস্ত হৈ পৰা বিজেপিয়ে এতিয়া এনেদৰেই কেন্দ্ৰীয় সংস্থাৰ ক্ষমতাৰ দুৰ্ব্যৱহাৰ কৰি উত্তৰ প্ৰদেশ নিৰ্বাচন জয় কৰাৰ চেষ্টা চলাইছে।”

উল্লেখ্য যে, শেহতীয়াকৈ, ডিজিজিআই আহমেদাবাদে কনৌজৰ আতৰ ব্যৱসায়ী পীযুষ জৈনৰ কানপুৰৰ বাসগৃহত অভিযান চলাইছিল। এই সময়ছোৱাত, ১৯৭ কোটি টকা নগদ ধন আৰু ২৩ কিলোগ্ৰাম সোণ উদ্ধাৰ কৰিছিল অভিযানকাৰী দলে। ইফালে সমাগত নিৰ্বাচনলৈ লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে পীয়ুষ জৈনৰ সৈতে সমাজবাদী পাৰ্টিক সংযুক্ত কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি সকলো নেতাই পীয়ুষ জৈনক নিৰ্বাচনী ইছ্যু হিছাপে লৈ এছপিক আক্ৰমণৰ লক্ষ্য কৰি লোৱাও পৰিলক্ষিত হৈছে।

এনে পৰিপ্ৰেক্ষিততে এছপিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উত্তৰ দিবলৈ আজি কনৌজ ভ্ৰমণ কৰাৰ কথা আছিল। য’ত তেওঁ তেওঁৰ দলৰ এমএলচি পুষ্পৰাজ জৈন ওৰফে পম্পীৰ সৈতে এখন সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছিল।
প্ৰণিধানযোগ্য যে, অলপতে ডিজিজিআইয়ে অভিযান চলোৱা আতৰ ব্যৱসায়ী পীয়ুষ জৈনৰ আৰু এছপিৰ এমএলচি পুষ্পৰাজ জৈনৰ মাজত কেইবাটাও সাদৃশ্য পোহৰলৈ আহিছে। পীয়ুষ আৰু পুষ্পৰাজ দুয়োগৰাকী জৈন উপাধিধাৰী হোৱাৰ উপৰিও দুয়োগৰাকীয়ে আতৰ ব্যৱসায়ৰ সৈতেও জড়িত। আনহাতে দুয়োগৰাকী আতৰ ব্যৱসায়ী কনৌজৰ একেটা এলেকাতে বাস কৰে। অৱশ্যে স্থানীয় লোকৰ মতে, পীয়ুষ জৈন কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়।
#KannaujITRaid : जानिए कौन हैं #PushprajJain, 12 से अधिक देशों में फैला हुआ है कारोबार pic.twitter.com/YqdJ2qbljv
— Hindustan (@Live_Hindustan) December 31, 2021
ইফালে, কনৌজৰ আতৰ ব্যৱসায়ী পুষ্পৰাজ জৈন ওৰফে পম্পীক অখিলেশ যাদৱৰ নিকটতম সকলৰ ভিতৰত গণ্য কৰা হয়। পম্পীয়ে কনৌজৰ পৰা সাংসদ হোৱাৰ সময়ত অখিলেশ যাদৱৰ সংস্পৰ্শলৈ আহিছিল। ইয়াৰ পিছত এছপিয়ে ২০১৬ চনত ফাৰুখাবাদ-ইটাৱা আসনৰ পৰা পম্পী জৈনক প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু জয়ী হয়। দেশৰ প্ৰভাৱশালী আতৰ ব্যৱসায়ী সকলৰ মাজত পম্পী জৈনো এজন।
পম্পী জৈনে অলপতে সমাজবাদী পাৰ্টিৰ হৈ এক পাৰ্ফিউম মুকলি কৰিছিল।









