জ্যেষ্ঠ সাংবাদিক বিক্ৰমজিৎ সৰকাৰৰ আকস্মিক বিয়ােগ

নিউজ ডেস্ক। জ্যেষ্ঠ সাংবাদিক বিক্ৰমজিৎ সৰকাৰৰ আকস্মিক বিয়ােগ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৮ বছৰ।

a2

প্ৰয়াত বিক্ৰমজিৎ সৰকাৰ

গােৱালপাৰা চহৰৰ ২ নম্বৰ কলনিৰ বাসিন্দা তথা ‘দৈনিক যুগশঙ্খ’ নামৰ বাংলা ভাষাৰ দৈনিক কাকতৰ সাংবাদিকগৰাকীয়ে নিজ বাসগৃহলৈ নিশা ২ বজাত শেষ নিস্বাস ত্যাগ কৰে।

জানিব পৰামতে, প্ৰয়াস বিক্ৰমজিৎ সৰকাৰ দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল।

তেওঁ গোৱালপাৰা প্ৰেছ ক্লাবৰ সক্ৰিয় সদস্য আছিল।

মৃত্যুৰ সময়ত সাংবাদিকগৰাকীয়ে মাতৃ, পত্নী, এটি পুত্ৰৰ লগতে বহু গুণমুগ্ধ এৰি থৈ যায়।

সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত বহু গুণমুগ্ধই তেওঁৰ ঘৰত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে।

বিক্ৰমজিৎ সৰকাৰৰ মৃত্যুত গোৱালপাৰা জিলা সাংবাদিক সন্থা, গোৱালপাৰা প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শােক প্ৰকাশ কৰিছে। লগতে শোকসন্তপ্ত পৰিয়াললৈ জনাইছে সমবেদনা।

Leave a Comment