অসমঅসমীয়া

আলফা (স্বাধীন)ত যোগদান কৰিবলৈ যোৱা ৪ যুৱকক আটক সেনা-আৰক্ষীৰ

নিউজ ডেস্ক। আলফা (স্বাধীন)এ অসম তথা ভাৰত চৰকাৰৰ সৈতে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘােষণা কৰিছে যদিও অব্যাহত ৰাখিছে নতুন সদস্যভৰ্তি অভিযান।

সেয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা নিষিদ্ধ ঘােষিত উগ্ৰপন্থী সংগঠনটােত যােগদান কৰিবলৈ ম্যানমাৰলৈ যাত্ৰা কৰিছে বহু যুৱক-যুৱতীয়ে।

অৱশ্যে ইয়াৰ মাজতে আৰক্ষী তথা সেনাৰ অভিযানত আটক হৈছে বহু যুৱক-যুৱতী।

ইপিনে, শেহতীয়াকৈ তিনিচুকীয়াৰ পেঙেৰীতাে আলফা (স্বাধীন)ত যােগদান কৰিবলৈ যােৱা ৪ জন যুৱকক আটক কৰা হৈছে।

জানিব পৰা মতে, তিনিচুকীয়া জিলা আৰক্ষী, আৰু ভাৰতীয় সেনাৰ এটা দলে যুটীয়াভাৱে পেঙেৰী অঞ্চলত অভিযান চলাই সংগঠনটােত যোগদান কৰিবলৈ যোৱাৰ পথত ৪ যুৱকক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন যুৱককেইজনৰ নাম সোমনাথ মৰাণ (২৩), মনোৰঞ্জন চেতিয়া (২০), পুত্ৰ তপন বৰপাত্ৰগোহাঁই (২০) আৰু মাধুৰ্য মৰাণক (১৮) বুলি জানিব পৰা গৈছে।

আটকাধীন চাৰিজন যুৱকক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে সেনা-আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *