নিউজ ডেস্কঃ দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানৰ পৰিয়াললৈ নামি অহা শোকৰ বন্যা ৰুধিবলৈ সান্তনাৰ মাত এষাৰেই যথেষ্ট কাহানিও নহয়!
পৰিয়াল, আপোনজনক এৰি ঘৰৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ নিলগত দেশৰ বাবে কৰ্তব্য পালন কৰা সেই সকল বীৰ জোৱানে পৰিয়ালৰ মুখ নেদেখাকৈয়ে যেতিয়া শত্ৰুৰ আক্ৰমণত মৃত্যুৰ কোলাত শুই পৰে, সেই দৃশ্যই ভাবুক কৰি তোলা উচিত প্ৰতিজন দেশপ্ৰেমীক।
ভাৰতীয় সেনাৰ পাৰা কমাণ্ডোৰ ৰাইফলমেন সিদ্ধান্ত ছেত্ৰীৰ বিবাহ সম্পন্ন হৈছিল মাত্ৰ এমাহ পূৰ্বে।
কিন্তু কৰ্তব্যৰ খাতিৰত মাত্ৰ কিছুদিন পূৰ্বে গাৰ পৰা মাহ-হালধিৰ গোন্ধ নুগুচা ন কইনাক এৰি কৰ্তব্যস্থলীলৈ গুচি আহিছিল সিদ্ধান্ত।
অহাৰ পৰত পত্নীৰ বিষাদভৰা মুখলৈ চাই কথা দিছিল- সোনকালে ছুটি লৈ উভতিম ঘৰলৈ।
কিন্তু সোঁশৰীৰে উভতিব নোৱাৰিলে ২৫ বৰ্ষীয় সিদ্ধান্তই। বৰং ত্ৰিৰংগাত মেৰিয়াই শৱদেহ হৈ তেওঁ পালেহি আপোন ঘৰখনৰ চোতাল।
যাৰ পিছত এতিয়া শোকত বাউল হৈ পৰিছে তেওঁৰ সদ্য বিবাহিতা পত্নী আৰু পৰিয়ালৰ সদস্য। শোকত ম্ৰিয়মান হৈ পৰিছে গাঁওবাসীও।
শুকুৰবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ কাণ্ডি বনাঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত শ্বহীদ হৈছিল সিদ্ধান্ত ছেত্ৰীৰ লগতে ভাৰতীয় সেনাৰ ৫ গৰাকী বীৰ জোৱানে।
পশ্চিমবংগৰ দাৰ্জিলিঙৰ পুলবজাৰ ব্লকৰ নিৱাসী সিদ্ধান্ত ছেত্ৰী। ২০১৯ চনত তেওঁ যোগদান কৰিছিল ভাৰতীয় সেনা বাহিনীত।
২০২১ চনত পেৰা এছ এফত নিৰ্বাচিত হৈছিল সিদ্ধান্ত। মাৰ্চত তেওঁ ছুটিত ঘৰলৈ আহিছিল। কিয়নো এপ্ৰিলত আছিল তেওঁ বিয়া।
পৰিয়ালৰ আনন্দ-উল্লাসৰ মাজত যুগ্ম জীৱনৰ পাতনি মেলি এপ্ৰিলতে পুনৰ কৰ্তব্যস্থলী জম্মুলৈ উভতিছিল সিদ্ধান্ত ছেত্ৰীয়ে।
তাৰ পিছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত শুকুৰবাৰে শ্বহীদ হয় পেৰা কমাণ্ডোৰ বীৰ জোৱানগৰাকী।
এই অভিযানত সিদ্ধান্তৰ লগতে শ্বহীদ হয় উত্তৰাখণ্ডৰ গাইৰছেইনৰ লেন্স নায়ক ৰুচিন সিং ৰাৱট, হিমাচল প্ৰদেশৰ কাংগৰা জিলাৰ নায়ক অৰবিন্দ কুমাৰ, জম্মুৰ আখনূৰৰ হাৱালদাৰ নীলম সিং আৰু হিমাচল প্ৰদেশৰ ছিৰমৌৰৰ পেৰাট্ৰুপাৰ প্ৰমোদ নেগী।
শনিবাৰে বীৰ জোৱানসকলৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত।
কান্দি কান্দি অচেতন হৈ পৰে সিদ্ধান্ত ছেত্ৰীৰ সদ্য বিবাহিতা পত্নী।