নিউজ ডেস্কঃ বাংলাদেশত ধৰ্মীয় অসহিষ্ণুতাৰ বলি হোৱা এজন সংখ্যালঘু যুৱকৰ হত্যাকাণ্ডক লৈ সৃষ্টি হোৱা চেপা উত্তেজনাৰ মাজতে চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। শনিবাৰে বাংলাদেশৰ মুখ্য উপদেষ্টা ড° মুহাম্মদ ইউনুছে সদৰী কৰে যে ময়মনসিং জিলাত দীপু চন্দ্ৰ দাস নামৰ ২৭ বছৰীয়া হিন্দু যুৱকজনক মৰিয়াই হত্যা কৰা ঘটনাৰ সৈতে জড়িত ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ৰেপিড একচন বেটেলিয়ান চমুকৈ ‘ৰেব’-এ বিভিন্ন স্থানত অভিযান চলাই এই লোকসকলক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
গ্ৰেপ্তাৰ কৰা অভিযুক্তসকল হ’ল ক্ৰমে মহম্মদ লিমন সৰকাৰ (১৯), মহম্মদ তাৰেক হুছেইন (১৯), মহম্মদ মাণিক মিঞা (২০), ইৰ্শাদ আলী (৩৯), নিজুম উদ্দিন (২০), আলমগীৰ হুছেইন (৩৮) আৰু মহম্মদ মিৰাজ হুছেইন আকন (৪৬)। ময়মনসিং জিলাৰ বালুকা অঞ্চলত সংঘটিত হোৱা এই বৰ্বৰ হত্যাকাণ্ডৰ তদন্তৰ পাছত ৰেব-১৪ গোটৰ সদস্যসকলে এক সমন্বিত অভিযানৰ জৰিয়তে তেওঁলোকক আটক কৰে। চৰকাৰে স্পষ্ট কৰি দিছে যে ‘নতুন বাংলাদেশত’ এনে ধৰণৰ হিংসাত্মক কাৰ্যকলাৰ কোনো স্থান নাই আৰু দোষীক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব।
উল্লেখযোগ্য যে, যোৱা জুলাই মাহৰ ছাত্র আন্দোলনৰ নেতা শ্বৰীফ ওচমান হাদীৰ মৃত্যুৰ পাছতে বাংলাদেশৰ বিভিন্ন প্ৰান্তত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল। এই অশান্ত পৰিৱেশৰ মাজতে দীপুক হত্যা কৰা ঘটনাটোৱে দেশখনত থকা হিন্দু সমাজৰ মাজত তীব্ৰ শংকাৰ সৃষ্টি কৰিছে। অন্তৱৰ্তীকালীন চৰকাৰখনে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি জনসাধাৰণক যিকোনো ধৰণৰ উচতনিমূলক কামৰ পৰা বিৰত থাকিবলৈ আৰু শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে।








