লোমহৰ্ষক! ভূমিকেন্দ্ৰিক বিবাদৰ পৰিণতি, চিনেমাৰ কায়দাত গুলীয়াই হত্যা একে পৰিয়ালৰ ৬ সদস্যক, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ ভূমিকেন্দ্ৰিক বিবাদৰ ভয়ংকৰ পৰিণতি।

চিনেমাৰ কায়দাত গুলীয়াই হত্যা একেটা পৰিয়ালৰ ৬ সদস্যক।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ মৰেনাত।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ এটা ভিডিঅ’ও।

জানিব পৰা মতে, মৰেনাৰ ছিহোনিয়া থানা এলেকাৰ লেপা গাঁৱৰ ধীৰ সিং আৰু গজেন্দ্ৰ সিঙৰ পৰিয়ালৰ মাজত দীৰ্ঘদিনৰ পৰা চলি আহিছিল মাটি-বাৰীৰ বিবাদ।

শুকুৰবাৰে পুৱাও দুয়োটা পৰিয়ালে বিবাদত লিপ্ত হয় আৰু তাৰ মাজতে ধীৰ সিঙে বন্দুকেৰে চিনেমাৰ কায়দাত উপৰ্যুপৰি গুলীচালনা কৰে।

এই ঘটনাত গজেন্দ্ৰ সিঙৰ পৰিয়ালৰ তিনিগৰাকী মহিলাসহ ৬ জন সদস্যৰ মৃত্যু ঘটে।

আনহাতে গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত আন দুজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুয়োৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাৰ বিষয়ে লাভ কৰাৰ পিছতে আৰক্ষী উপস্থিত হৈ অভিযুক্ত ধীৰ সিঙক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, ২০১৩ চনতো দুয়োটা পৰিয়ালৰ মাজত ভূমি কেন্দ্ৰিক বিবাদৰ বাবে গজেন্দ্ৰ সিঙৰ পৰিয়ালৰ দুজন সদস্যক একেদৰে গুলীয়াই হত্যা কৰা হৈছে।